December 19, 2024 5:52 PM

views 33

চলিত বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা

এই বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট পণ্ডিত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা। তেওঁৰ কাব্যগ্ৰন্থ ‘ভাস্কৰ চৰিত্ৰম’ৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।

December 19, 2024 5:49 PM

views 27

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে...

December 19, 2024 5:47 PM

views 24

কংগ্ৰেছৰ ৰাজভৱন চলো অভিযানৰ সময়ত কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত ঘটনাৰ প্ৰতিবাদত ক’লা বেজ পৰিধানেৰে সাংবাদিকৰ প্ৰতিবাদ

কংগ্ৰেছ দলে কালি গুৱাহাটীৰ ৰাজভৱন চলো অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত হোৱা ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুপৰীয়া ইয়াৰ প্ৰতিবাদৰ বাবে এখন সভা অনুষ্ঠিত হয়। এই...

December 19, 2024 5:41 PM

views 26

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপূৰ্বে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৰাজ্যপালৰ সাংবিধানিক পদ মর্যাদা দলীয় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰি...

December 19, 2024 5:32 PM

views 27

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখন...

December 19, 2024 5:28 PM

views 24

সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক বিকাশ বৰালৈ ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্রীয় সংস্থাৰ ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা

অসমৰ যোৰহাট জিলাৰ এগৰাকী আদর্শ খেতিয়ক তথা সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক বিকাশ বৰালৈ ভাৰত বিকাশ সংগম নামৰ এটা ৰাষ্ট্রীয় সংস্থাই ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা আগবঢ়াইছে। অসমৰ সাঁচি গছক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে শ্ৰীবৰাৰ নেতৃত্বৰ এটা দলে ৰাজ্য চৰকাৰৰ সাঁচি নিধি...

December 19, 2024 5:26 PM

views 25

ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্রহণ কৰিব৷ ন্যায়াধীশ অভয় এছ ওকাৰ নেতৃত্বৰ এখন বিচাৰপীঠে দিল্লীৰ লগতে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত ন্যায়াধীশ এ.এছ...

December 19, 2024 5:24 PM

views 23

২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা খণ্ড অত্যন্ত গুৰুত্বপূর্ণ উপাদানঃ কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱ

ৰাষ্ট্ৰৰ জনসংখ্যাগত লভ্যাংশৰ ব্যৱহাৰ, উদ্ভাৱনক আগুৱাই নিয়া আৰু বহনক্ষম অগ্রগতি নিশ্চিত কৰাৰ বাবে শক্তিশালী স্বাস্থ্যসেৱা আৰু গুণগত শিক্ষা ব্যৱস্থাত বিনিয়োগ অতি প্রয়োজনীয় বুলি কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱে মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বার্ষিক স্বাস্থ্য সন্মিলনত দিয়া ভ...

December 19, 2024 5:20 PM

views 27

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে কুৱেইটত উপস্থিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত কুৱেইট ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্রধানমন্ত্ৰীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মি...

December 19, 2024 5:17 PM

views 33

গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ’ব

নতুন দিল্লীত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত মূলতঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। জম্মু-কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মী...