December 23, 2024 12:57 PM

views 13

আকাশবাণীৰ অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ প্রার্থীৰ পৰা আবেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 23, 2024 12:54 PM

views 31

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ...

December 23, 2024 12:51 PM

views 12

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। দেশৰ ৪৫খন ঠাইত একেলগে এই নিযুক্তি মেলাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহ পূৰণৰ বাবে এই নিযুক্তি মেলাৰ আয়োজন কৰা হয়। ২০২২ চনৰ অক্টোবৰত আৰম্ভ হোৱা ৰোজগাৰ মেলা...

December 23, 2024 12:37 PM

views 21

ৰাজ্য চৰকাৰৰ সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতাৰ আয়োজন

ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা পহিলা জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্রতিযোগিতাত আ...

December 23, 2024 12:35 PM

views 13

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ স্মৃতিত প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস ৰূপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ, গ্ৰাম্য অৰ্থব্যৱস্থা সৱলীকৰণ আৰু দেশৰ কৃষি ঐতিহ্য সংৰক্ষণত কৃষকসকলৰ ভূমিকাক স্মৰণ কৰা হয...

December 23, 2024 12:34 PM

views 12

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়লৈ ১২০ কোটি টকা মুকলি

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ ১২,০৮৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্রই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বা...

December 23, 2024 12:31 PM

views 22

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি

অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে ৩৪৫ টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয়, যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গ...

December 23, 2024 12:30 PM

views 41

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানা এই বৰ্ষৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই কালি মহিলা ক্রিকেটত নতুন অভিলেখ গঢ়ে । বদোদৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ৯১ ৰাণ কৰি মান্ধানাই ২০২৪ বৰ্ষত সামগ্ৰিকভাৱে সংগ্ৰহ কৰা ১,৬০২ ৰানৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ লৌৰা ৱ'লভাৰ্টৰ ১,৫৯৩ ৰাণৰ অতিক্ৰম কৰি একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে ...

December 23, 2024 12:27 PM

views 22

আকাশবাণীৰ পাব্লিক স্পীকত আজি ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত চৰকাৰৰ অটল উদ্ভাৱন অভিযান : ভাৰতৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশতন্ত্র শক্তিশালী কৰা সন্দৰ্ভত নীটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ সঞ্চালক ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসক...

December 23, 2024 12:25 PM

views 16

বিমান বন্দৰত উড়ান যাত্রী কেফে মুকলি কৰাৰ কথা ঘোষণা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান বন্দৰত উড়ান যাত্রী কেফে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাই বিমান যাত্রীসকলক বৃহৎ সকাহ দিছে। উল্লেখযোগ্য যে কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ'ব। ইতিমধ্যে কলকাতা বিমান বন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষাম...