December 23, 2024 8:26 PM

views 19

কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য-সামগ্ৰীৰ পুষ্টিকৰ গুণ সম্পৰ্কে সজাগতাৰ অনুষ্ঠান

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি মিলেট বা কণীধান জাতীয় শস্যৰ পৰা উৎপাদিত খাদ্য-সামগ্ৰীৰ পুষ্টিকৰ গুণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ-পূব উন্নয়ন দপ্তৰৰ অধীনত উত্তৰ-পূর্বাঞ্চল আঞ্চলিক কৃষি বিপনন নিগমে এই অনুষ্ঠানৰ আয়োজন কৰে। কেন্দ্ৰীয়...

December 23, 2024 8:19 PM

views 31

অসম ৰাজ্যিক সংগ্ৰহালয়ত ২৬ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ‘ঐতিহ্য সংগ্ৰহালয় উৎসৱ’

অসম ৰাজ্যিক সংগ্ৰহালয়ত অহা ২৬ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ঐতিহ্য সংগ্ৰহালয় উৎসৱ নামেৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ তথা সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত এই উৎসৱ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনাচক্র, বিশেষ প্রদর...

December 23, 2024 8:18 PM

views 22

বৰপেটাত ২৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ৩১সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ

বৰপেটাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰংঘৰৰ উদ্যোগত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে বৰপেটাত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ অনুষ্ঠিত হ'ব। আজি ৰংঘৰৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত নাট উৎসৱৰ কাৰ্যবাহী উপদেষ্টা অনিল কুমাৰ দাসে এই বিষয়ে প্ৰকাশ কৰে। বৰপেটা জিলা পুথিভঁৰালত পৰহিলৈ সন্ধিয়া ৰাজ্যসভাৰ ...

December 23, 2024 8:16 PM

views 15

ডিব্ৰুগড়ত বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত নগদ ধন-সাহায্য বিতৰণ

ডিব্ৰুগড় মানকটা খেলপথাৰত আজি চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত নগদ ধন আৰু সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত দুহেজাৰ ৫৯৩ গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান কৰাৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা...

December 23, 2024 8:14 PM

views 16

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিফু চিকিৎ‍সা মহাবিদ্যালয়ৰ এনাছথেছিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ কৰিছে। ন্যায়ালয়ে ডাঃ নাথক পূৰ্বে প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন জামিনো বাতিল কৰে। উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ লগতে গুৱাহাটীত ব্যক্...

December 23, 2024 8:13 PM

views 16

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা ১,৯৪৬ মণিপুৰ আৰক্ষী জোৱানৰ দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ লাভ কৰা এহেজাৰ ৯৪৬ আৰক্ষী জোৱানে আজি দীক্ষান্ত কুচ-কাৱাজত অংশগ্ৰহণ কৰে। অসম আৰু মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে এই কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচ-কাৱাজৰ সামৰণিত ৰাজ্যপাল আচাৰ্যই এই জোৱানসকলক কৰ্তব্য আৰু দ...

December 23, 2024 8:11 PM

views 19

মৰিগাঁও জিলাত ১৯ ডিচেম্বৰৰ পৰা সু-শাসন সপ্তাহ-২০২৪ উদযাপন

দেশজুৰি উদযাপিত সু-শাসন সপ্তাহ ২০২৪ৰ অংশ হিচাপে মৰিগাঁও জিলাত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সু-শাসন সপ্তাহৰ মূল লক্ষ্যসমূহ ব্যাখ্যা কৰে...

December 23, 2024 8:08 PM

views 18

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩১খন জিলাত বিজেপিৰ তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩১খন জিলাত তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি দিছে। তত্ত্বাৱধায়কৰ দায়িত্ব দিয়াসকলৰ ভিতৰত ভালেকেইগৰাকী কেবিনেট মন্ত্ৰী আছে। নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে প্রাক্তন সাংসদ পল্লৱ লোচন দাসক দায়িত্ব অর্পণ কৰা হৈছে। ইস্তাহাৰ সমিতিৰ আহ্বায়ক পদ...

December 23, 2024 8:06 PM

views 12

উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ ব্যাপক প্ৰস্তুতি, আলোকসজ্জাৰে সজ্জিত গিৰ্জাসমূহ

বৰদিনলৈ মাজত এদিন বাকী থকা অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ আনন্দোল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গিৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। কাইলৈ মাজনিশাৰ পৰা গির্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল ...

December 23, 2024 8:04 PM

views 11

কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ‘মধুপুৰ মহোৎসৱ’

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সহযোগত কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈ সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্ব...