December 24, 2024 9:12 PM

views 7

বৰদিন উপলক্ষে দেশবাসীলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ওলগ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বৰদিন উপলক্ষে দেশবাসীক ওলগ জনাইছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত কৈছে যে, বৰদিনে আশা, দয়া আৰু কৰুণাৰ সাৰ্বজনীন বার্তা বহন কৰে। তেওঁ কয়, যে যীশুখ্ৰীষ্টৰ শিকনিসমূহ আজিও প্রাসংগিক হৈ আছে আৰু এই শিকনিসমূহে সকলো জনসাধাৰণৰ মাজত বুজাবুজি, সহানুভুতি আৰু পাৰস্পৰিক বিশ্বাসৰ মৌ...

December 24, 2024 9:11 PM

views 13

অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফী

আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ'ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগি...

December 24, 2024 8:33 PM

views 19

চৰাইদেউৰ চৰকাৰী চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাত জন্মগ্ৰহণ কৰা কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা প্ৰদান

ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাৰ ভিতৰত জিলাখনৰ চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতক কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কন্যা শিশু, নাৰী সৱলীকৰণ আৰু লিংগ স...

December 24, 2024 8:31 PM

views 9

কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংক...

December 24, 2024 8:30 PM

views 10

লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা

লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়োৱা হৈছে। অহা ২৭ ডিচেম্বৰত চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা বিশেষ অনুষ্ঠানত লোককৃষ্টিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে দুৰ্গেশ্বৰ সোণোৱালক এই বঁটা প্ৰদান কৰা হ'ব ।

December 24, 2024 8:28 PM

views 12

নেচনেল টেষ্টিং এজেঞ্চীয়ে স্বচ্ছ-সুৰক্ষিতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাত সহযোগিতাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি গঠন

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে নেচনেল টেষ্টিং এজেন্সি চমুকৈ এন টি এয়ে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ স্বচ্ছ আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি গঠন কৰিছে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব মধুসুদন নাথক নডেল বিষয়া হিচাপে লৈ গঠন কৰা এই সমি...

December 24, 2024 8:27 PM

views 14

তামুলপুৰত এমহীয়া চিলাই প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি

ৰঙিয়াৰ সীমা সশস্ত্ৰ বলৰ উদ্যোগত উত্তৰ-পূব নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত তামুলপুৰত আজি এটা এমহীয়া চিলাই প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি কৰা হয়। সীমান্ত অঞ্চলৰ ২৫ গৰাকী যুৱতী তথা মহিলাক বিভিন্ন প্ৰকাৰৰ চিলাইৰ প্ৰশিক্ষণ দিবলগীয়া এই কাৰ্যসূচী মুকলি কৰি এছ এছ বি ৰঙিয়াৰ উপ-কমাণ্ডেণ্ট বিশ্বনাথ মিশ্রই কয়, ...

December 24, 2024 8:26 PM

views 19

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে...

December 24, 2024 8:24 PM

views 23

ৰাজ্যত চলিত বছৰত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২ দশমিক ৫-৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪ দশমিক ২-৮ শতাংশ হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহণকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম হৈছে ...

December 24, 2024 8:23 PM

views 11

নগাঁৱত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ভগীৰথ চৌধুৰীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্রী ভগীৰথ চৌধুৰীয়ে আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাসায়নিক...