December 29, 2024 11:50 AM

views 34

সোমবাৰে ইছৰোই স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তোলা বুলি  মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে মহাকাশতে দুটা কৃত্রিম উপগ্রহক সংযুক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ৰূপায়ণ কৰিবলগীয়া স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভ...

December 28, 2024 10:09 PM

views 28

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ ৩৭ খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্...

December 28, 2024 10:08 PM

views 27

কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন লখিমপুৰ চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি পুৱাৰ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বিভিন্ন বিষয় আলোকপাত কৰে। দুপৰীয়াৰ ভাগত অসমৰ ভিন ভিন ৩ টা ক্ষে...

December 28, 2024 10:06 PM

views 32

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী বিশেষ ব্যক্তি

সময় আৰু সমাজৰ বিভিন্ন প্রত্যাহ্বান নেওচিও সমাজৰ একাংশ লোকে দুৰ্গতসকলৰ সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি প্ৰচাৰ কৰা দৃষ্টিপাত অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী ব্যক্তি কেয়াৰ ইউ-থ্রী ছিক্সটি ফাইভ নামৰ স্বেচ্...

December 28, 2024 10:04 PM

views 25

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় স্থান দখল

বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ২০২২-২৩ চনৰ ১৪ লাখ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৭ লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স...

December 28, 2024 9:59 PM

views 19

অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাত অগনন গ্রন্থপ্ৰেমীৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাও অগনন গ্রন্থপ্ৰেমীৰ সমাগম হয়। গ্রন্থমেলাথলীত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল...

December 28, 2024 9:53 PM

views 10

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্ত চকীত হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু ৩জন আফগান নাগৰিকৰ মৃত্যু

পাকিস্তান আৰু আফগানিস্তানৰ সীমা সুৰক্ষা বাহিনীৰ মাজত সীমান্ত চকীত আজি হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু তিনিজন আফগান নাগৰিকে প্ৰাণ হেৰুৱায়। পাকিস্তান সীমান্তৱৰ্তী আফগানিস্তানৰ খোষ্ট আৰু পক্তিকা প্ৰদেশত এতিয়াও সংঘর্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি মতে, আফগানিস্তানত সীমা স...

December 28, 2024 9:48 PM

views 13

চৰকাৰী আঁচনিত ভুৱা পঞ্জীয়নৰ বাবে শিৱিৰ আয়োজন কৰা একাংশ ব্যক্তিৰ বিৰুদ্ধে দিল্লীৰ উপ ৰাজ্যপালৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই বেচৰকাৰী লোকে প্ৰস্তাৱিত মহিলা সন্মান যোজনাৰ বাবে দিল্লীৰ বাসিন্দাৰ ব্যক্তিগত সৱিশেষ সংগ্ৰহ কৰা বুলি উঠা অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে আৰক্ষী আয়ুক্তই নাগৰিকসকলৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ খৰ্ব কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীয়ে ক...

December 28, 2024 9:37 PM

views 35

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি তথা পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ জয়শংকৰে কয়, যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু সাম্প্রতিক বিশ্বৰ বিভিন...

December 28, 2024 9:33 PM

views 24

কেব চালকসকলে ভিন ভিন ভাৰা লোৱা অভিযোগৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণক কেব চালকসকলে ভিন ভিন ভাৰা লোৱা বুলি উঠা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। কেব চালকসকলে এণ্ড্ৰইড আৰু এপ্‌প সঁজুলি ব্যৱহাৰকাৰীসকলৰ পৰা একেই যাত্ৰা পথৰ বাবে ভিন ভিন ভাৰা লোৱা বুলি অভিযোগ উ...