December 29, 2024 8:06 PM

views 17

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ  ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ বাবে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই গ্রহণ কৰা নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।...

December 29, 2024 6:55 PM

views 14

সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে  খুমটাইত তৃতীয় পৰ্যায় খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল

গোলাঘাট জিলাৰ খুমটাইত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল অনুষ্ঠিত হ'ব। মন্ত্ৰী অতুল বৰাই আজি বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে এই উৎসৱ সন্দৰ্ভত আলোচনা মিলিত হয়। এই প্রয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উদ্ভিদ আৰু ফুল...

December 29, 2024 6:52 PM

views 23

গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰা হয়। হীৰক জয়ন্তীৰ অন্তিম দিনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত আজি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনে পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অনাগত দিনতো শৈক্ষিক বিপ্লৱ সৃষ্টিৰে ...

December 29, 2024 6:45 PM

views 13

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি

মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। ৰাজ্যৰ ১৩০০ৰো অধিক এথলীটে অংশগ্ৰহণ কৰা প্রতিযোগিতাখনত ডিব্ৰুগড় জিলাই শ্রেষ্ঠ দল, অসম পুলিচে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ জিলাই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠান...

December 29, 2024 6:22 PM

views 28

ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ  পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ

ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মু...

December 29, 2024 6:18 PM

views 25

শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশ ক্রমে ইজিপ্ত, পাৰাগুৱে আৰু ফিজিত ভাৰতীয় ভাষা সংস্কৃতিৰ প্ৰসাৰৰ বিষয়েও উল্লেখ কৰে। শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে দেশৰ বাষ্টাৰ অঞ্চল...

December 29, 2024 6:14 PM

views 35

দেশত ২০১৫ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত মৃত্যুৰ সংখ্যা ৮০ শতাংশ হ্ৰাস হোৱা বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চাহ বাগিছা অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিছাসমূহত এসময়ত দুঃশ্চিন্তাৰ কাৰণ হৈ পৰা মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্রধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। ...

December 29, 2024 6:10 PM

views 24

চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। অহা বছৰৰ ২৬ জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব। নিজৰ বক্তব্যত শ্রীমোদীয়ে সংবিধানক দেশবাসীৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে এনিমেশন চিনেমা, নিয়মী...

December 29, 2024 12:38 PM

views 13

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাত্ৰ পাছত প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম যোগে গুকেশৰ একাগ্ৰতা আৰু নিস্থাৰ শলাগ লৈ কয়, ে খেলুৱৈগৰাকীৰ আত্মবিশ্বাস সঁচাকৈ প্ৰেৰণাদায়ক । তেওঁ কয়, যে গুকেশে নিজা প্ৰচেষ্টাৰ বাবেই সবাতোকৈ কম বয়সৰ বিশ্ব চেম্পিয়নৰ খিত...

December 29, 2024 12:36 PM

views 47

বৰফ জমাৰ ফলত পিছল হোৱা বাবে ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত বন্ধ

৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত বৰফ জমা হোৱাৰ ফলত পিছল হৈ পৰাৰ বাবে ঘাইপথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। যান বাহন বিভাগৰ মুখপাত্রই ঘাইপথটো দুয়ো দিশৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে ঘাইপথটোৰ কোৱাজিগুণ্ড এলেকাত বিপুল পৰিমাণৰ বৰফ জমা হৈছে আৰু যন্ত্ৰ...