December 29, 2024 9:10 PM

views 15

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত ১৩টা পদৰ বাবে ২৪গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন প্ৰক্ৰিয়াত ২৯০৫গৰাকী অংশীদাৰ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰে। সমবায় সমিতিৰ ভোটগ্ৰহণৰ পূৰ্বে অংশীদাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

December 29, 2024 9:08 PM

views 15

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত হয়। কোচ-ৰাজবংশী ভাষা অধ্যয়ন গৱেষণা আৰু উন্নয়ন সমিতিৰ সচিব মঞ্জু বৰুৱাৰ পৌৰহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহত কোচ-ৰাজবংশী ভাষা ব্যাকৰণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাখনো জিলাৰ ব...

December 29, 2024 9:03 PM

views 42

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বা...

December 29, 2024 8:56 PM

views 28

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত তৃতীয় দিনা অগণন লোকৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি বিয়লি গ্রন্থমেলাথলীত ভিন্ন সাহিত্য ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীর্ষক আলোচনাচক্র ...

December 29, 2024 8:49 PM

views 25

কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন কবিতাৰ দিন হিচাপে পালন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱ...

December 29, 2024 8:43 PM

views 12

চত্তিশগড়ত আয়োজিত বাষ্টাৰ অলিম্পিকত ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈৰ অংশগ্ৰহণ

এসময়ত মাওবাদী অধ্যুষিত এলেকা হিচাপে জনাজাত চত্তিশগড়ৰ বাষ্টাৰত আয়োজিত অলিম্পিকত বাষ্টাৰ খণ্ডৰ সাতোখন জিলাৰ ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই খেলুৱৈসকলে বিভিন্ন শিতানত প্ৰতিভা প্ৰদৰ্শন কৰিছে। যোৱা ১৫ ডিচেম্বৰত জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণি পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বা...

December 29, 2024 8:22 PM

views 47

নতুন দিল্লীত  ভাৰতীয় জনতা পাৰ্টীৰ  মুখ্য কাৰ্যালয়ত দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা

ভাৰতীয় জনতা পাৰ্টীৰ নতুন দিল্লীত থকা দলীয় মুখ্য কাৰ্যালয়ত অব্যাহত থকা দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি বিয়লি ভাষণ দিয়ে। সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সচিবসকল, ৰাজ্যিক সভাপতিসকল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা সা...

December 29, 2024 8:18 PM

views 31

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলীৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আগজাননী দিছে। একেদৰে পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানতো ২ৰ পৰা ৩ দিনৰ ভিতৰত অতি ঘন কুঁৱলী পৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। বিভাগে দিয়া আগলি বতৰা অনুসৰি অহা পাঁচ দি...

December 29, 2024 8:15 PM

views 17

অষ্ট্ৰেলিয়াৰ  গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত বনজুইত জীৱজন্তুৰ মৃত্যুৰ লগতে বহু সম্পত্তিৰ ক্ষতি

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ পশ্চিমত অৱস্থিত গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ বনজুইৰ ঘটনা সংঘটিত হৈছে। এই বনজুইত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি এলবানিছে এককালীন আর্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে বনজুইৰ ফলত হোৱা ক্ষয় ক্...

December 29, 2024 8:36 PM

views 16

দক্ষিণ কোৰিয়াৰ মুৱানত বিমান দুৰ্ঘটনা পতিত হৈ ১৭৯ গৰাকী আৰোহীৰ মৃত্যু

দক্ষিণ কোৰিয়াৰ চিউলৰ ২৯০ কিলোমিটাৰ দক্ষিণে মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত বেংককৰ পৰা যোৱা জেজু এয়াৰৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত বিমানখনত থকা ১৮১ গৰাকী আৰোহীৰ ভিতৰত ১৭৯ গৰাকীৰ মৃত্যু হয়। দক্ষিণ কোৰিয়াৰ অগ্নি নির্বাপক সংস্থাই প্ৰকাশ কৰা অনুসৰি বিমানখনৰ দুগৰাকী কৰ্মীৰ প্ৰাণ ৰক্ষা পৰিছে । দক্...