January 8, 2025 8:53 PM

views 38

৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা মন্ত্রী পীয়ূষ হাজৰিকাৰ

ধেমাজি জিলাৰ জোনাই অঞ্চলত বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি প্রায় ৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং লালী নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা ...

January 8, 2025 8:52 PM

views 13

২৯ জানুৱাৰীত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৯ জানুৱাৰীত সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত এনে যুৱ সংসদ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্ত...

January 8, 2025 8:50 PM

views 11

দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট

নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে অসম ন্যায়িক সেৱাৰ পৰীক্ষা আৰু কেন্দ্ৰীয় শৈক্ষিক যোগ্যতা পৰীক্ষাত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা,...

January 8, 2025 8:48 PM

views 36

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. ১৮৬৪0-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণ...

January 8, 2025 8:47 PM

views 67

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা

মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ মোৱামৰীয়া গুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি এই কথা সদৰি কৰে। কাইলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় মহাবিদ্যালয় বন্ধ থাকিব। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্রার্...

January 8, 2025 8:45 PM

views 23

মালয়েছিয়া অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইছ এছ প্রণয়

ভাৰতৰ এইছ এছ প্রণয়ে কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বর্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন য়াঙক ২১–১২, ১৭– ২১, ২১-১৫ গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেং লীৰ বিৰুদ্ধ...

January 8, 2025 8:42 PM

views 22

দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনৰ মাজত দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনে আজি নতুন দিল্লীত এখন দ্বিপাক্ষিক বৈঠকত প্ৰশিক্ষণ, নিয়মীয়া সামৰিক অনুশীলন, প্ৰতিৰক্ষা প্ৰকল্পকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। বৈঠকত দুয়োপক্ষই ভাৰত-মালদ্বীপ ব্যাপক অর্থনীতি আৰু সামু...

January 8, 2025 8:36 PM

views 26

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বিধেয়ক দুখন হৈছে-১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪। বৈঠকত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিধায়িনী বিভাগৰ প্রতিনিধিস...

January 8, 2025 8:34 PM

views 27

প্ৰচণ্ড শীতৰ মাজতো তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীৰ উদ্ধাৰ অভিযান অব্যহত

পশ্চিম চীনৰ তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে আজি প্ৰচণ্ড শীতৰ মাজতো উদ্ধাৰ অভিযান অব্যহত ৰাখিছে। তিববতৰ চিগাটচে অঞ্চলত চলোৱা প্ৰাৰম্ভিক অনুসন্ধানত ভূমিকম্পত ৩ হাজাৰ ৬০৯ টা বাসগৃহ ধ্বংস হোৱাৰ তথ্য পোৱা গৈছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত আৰু নেপাল সীমান্তৰ তীববতৰ আটা...

January 8, 2025 8:30 PM

views 25

দিল্লীত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙৰ অংশগ্ৰহণ

নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা এইবছৰৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এন চি চিয়ে প্রশংসনীয় কাম কৰি আছে। তেওঁ এন চি চিক দেশ গঠনৰ দিশত প্ৰশিক্ষণপ্ৰাপ্ত যুৱ মনৰ কেন্দ্ৰ আখ্...