January 9, 2025 12:40 PM

views 30

১২ জানুৱাৰীৰপৰা মহা কুম্ভমেলা

উত্তৰ প্ৰদেশত অহা ১২ জানুৱাৰীৰপৰা হ'বলগীয়া মহা কুম্ভমেলাত অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সত্ৰাধিকাৰ আৰু পুৰোহিতসকলে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনান্য ৰাজ্যৰ লগতে উত্তৰপূবৰ ৰাজ্য কেইখনক এই মেলালৈ আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই ৰ...

January 9, 2025 10:50 AM

views 29

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা – নেট বাধ্যতামূলক নহ’ব

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক, শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীৰ পদোন্নতিৰ নতুন নিয়মাৱলীৰ খচৰা প্ৰকাশ কৰিছে। এই নিয়মাৱলী অনুসৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা - নেট বাধ্যতামূলক নহ'ব। বর্ত...

January 9, 2025 10:43 AM

views 28

অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ দেহাৱসান

■ প্রবীণ বর্ষীয়ান অভিনেত্রী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱানিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪৮ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয...

January 8, 2025 9:11 PM

views 30

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত শ্রমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনাৰ ২১ জন ডুবাৰু, সেনাবাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীয়ে বাকীকেইজন শ্রমিকক উদ্ধাৰৰ ...

January 8, 2025 9:08 PM

views 15

তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি জেপি নাড্ডাৰ

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎ প্রসাদ নাড্ডাই আজি দুপৰীয়া তেজপুৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা এই পুথিভঁৰাল আ...

January 8, 2025 9:05 PM

views 36

নাগালেণ্ডৰ মুককচাং জিলাত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক উদ্ধাৰ

নাগালেণ্ডৰ মুককচাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে যোৰহাট জিলাৰ টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ...

January 8, 2025 9:03 PM

views 45

চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যেৰে শিক্ষা বিভাগে আয়োজন কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ মূল্যায়ন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত দুৰ্বল প্ৰদৰ...

January 8, 2025 9:00 PM

views 28

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমুৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। সদৌ গোলাঘাট...

January 8, 2025 8:59 PM

views 36

দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীচৌহানে মেঘালয়ৰ উমিয়ামত ভাৰতীয় কৃষি গৱেষণা ...

January 8, 2025 8:56 PM

views 27

বজালীত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা মন্ত্ৰী ৰনজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিত কুমাৰ দাসে আজি বজালিত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কৰিবলগীয়া পথ আৰু দলংকেইখনৰ নিৰ্মাণ গতি লেহেমীয়া হ'লে সংশ্লিষ্ট ঠিকাদাৰ আৰু অন্যান্য জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো ঘ...