January 19, 2025 8:36 PM

views 23

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰিছে

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ...

January 19, 2025 8:34 PM

views 13

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যম টিক্‌টক্ ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ বাহাল

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যমৰ অন্যতম জনপ্রিয় মঞ্চ টিক্‌টক্ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কেইবালাখ ব্যৱহাৰকাৰীয়ে টিক্‌টক্ ভিডিঅ' চোৱাৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ এদিন পূৰ্বে আজিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ প্ৰ...

January 19, 2025 8:28 PM

views 36

সোমবাৰে আকাশবাণীৰ পাব্লিক স্পীকত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত সোমবাৰে নিশা চাৰে ৯ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত...

January 19, 2025 7:50 PM

views 25

কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে জি পি সিঙে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ আৰক্ষী অতিথিশালাত অনুষ্ঠিত বিদায় সম্বর্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীসিঙে কয়, যে অসমৰ জনসাধাৰণ যথেষ্ট মৰমীয়াল। অসমত কাম কৰা সুন্দৰ অভিজ্ঞতাৰে তেওঁ নতুন দায়িত্ব নিয়াৰি...

January 19, 2025 7:32 PM

views 28

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে। বিজেপিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে সত্ৰৰ সমীপৰ নহাটীত দলীয় কর্মকর্তা আৰু ৰাইজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানটিও শুনে। শ্রীশ‍ইকীয়াই ইয়াৰ পাছত পুনৰ সত্ৰত উপস্থিত হৈ কীৰ্তন ঘৰৰ চৌদিশ পৰিদৰ্শন কৰে। ...

January 19, 2025 7:27 PM

views 26

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পেট্ৰ'ল ভর্তি ৫খন অবৈধ বাহন জব্দ কৰাৰ লগতে ৬গৰাকী লোকক আটক কৰে। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰ'ল আনি থকা অৱস্থাত এই বাহনসমূহ জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়। উল্লেখযোগ্য যে, ভূটানত ৬৩টকাত ক্ৰয় কৰা পেট্ৰ'ল অবৈধভাৱে তামুলপুৰ জিলা...

January 19, 2025 7:25 PM

views 28

অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ সামৰণি

বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সম্বন্বয় ক্ষেত্ৰত যোৱা ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ আজি সামৰণি পৰে। এই উপলক্ষে দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। সন্ধিয়া অনুষ্ঠ...

January 19, 2025 7:21 PM

views 24

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ৭,৫০০ৰো অধিক শিল্পীৰ অংশগ্রহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন

ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ৭,৫০০ৰো অধিক শিল্পীৰ অংশগ্রহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহবাগিছাসূহৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া নৃত্য শিল্পীসকলৰ ব্যৱস্থাপনা সন্দৰ্ভত কলিয়াবৰ সমজিলা প্রশাসন, গাঁও পঞ্চায়ত...

January 19, 2025 7:18 PM

views 23

ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন

ধেমাজি জিলাৰ চিলাপথাৰৰ চিমেন চাপৰিত আজি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ স্থায়ী প্রশাসনিক ভৱন, মূল পথৰ লগতে পানী যোগান ব্যৱস্থাৰ শুভ উদ্বোধন কৰা হয়। ২০২৩ বৰ্ষত ১৪০ বিঘা ভূমিত আৰম্ভ হোৱা ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰতো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰ...

January 19, 2025 7:16 PM

views 16

মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ অনুষ্ঠিত

মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ ভাগি প্ৰতিবছৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও থানখনলৈ কেইবা হাজাৰৰো দৰ্শনাৰ্থী আগমণ ঘটিছে। মায়ামৰা সমাজৰ আদ্যগুৰু অনিৰুদ্ধ দেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলী আইয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলিত গোপনে বাহৰ প...