February 2, 2025 12:29 PM

views 10

মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্য...

February 2, 2025 12:27 PM

views 18

ছুডানৰ ওমদুৰমানত ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীৰ গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকৰ প্ৰাণহানি

ছুডানৰ ৰাজধানী খাতুমৰ উত্তৰ প্ৰান্তৰ ওমদুৰমানৰ এখন ব্যস্ত বজাৰত কালি ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীয়ে চলোৱা গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ৮২ জন আহত হয়। অল থাওৰা প্ৰতিৰোধ সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অৰ্ধসামৰিক বাহিনীয়ে কৰাৰী এলেকাৰ ছবৰিন বজাৰত ইচ্ছাকৃতভাৱে গুলীব...

February 2, 2025 12:26 PM

views 47

উত্তৰ প্ৰদেশৰ মহাকুম্ভ মেলাত ৰাজ্যৰ শিল্পীসকলৰ হস্তশিল্প আৰু কুটীৰ শিল্পজাত সামগ্ৰী প্ৰদৰ্শন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত ৰাজ্যৰ শিল্পীসকলে হস্তশিল্প আৰু কুটীৰ শিল্পজাত সামগ্ৰী প্ৰদৰ্শনৰ এখন শক্তিশালী মঞ্চ লাভ কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, কুম্ভমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন জিলা, এবিধ সামগ্ৰী প্ৰদৰ্শনীত ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শিত কৰা হৈছে। এই প্...

February 2, 2025 12:22 PM

views 47

ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৮ জন মাওবাদী নিহত

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ গংগলুৰ এলেকাত কেইজনমান মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যৌথ দলে চলোৱা তালাচী অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। সংঘ...

February 2, 2025 12:20 PM

views 19

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে দলীয় প্রার্থীসকলৰ হকে সমর্থন আদায়ৰ বাবে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰোড...

February 2, 2025 12:12 PM

views 11

কেন্দ্রীয় বাজেটে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছেঃ ড০ হিমন্ত বিশ্ব শর্মা

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় বাজেটে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্ট মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত, নামৰূপত প্ৰায় ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ১...

February 2, 2025 12:07 PM

views 58

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ৫,৯১৫ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাজেটত এই মন্ত্ৰ্যালয়ৰ বাবে চাৰি হাজাৰ ছয় কোটি টকা ধাৰ্য্য কৰা হ...

February 2, 2025 12:03 PM

views 16

লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মাই কালি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ উদ্যোগত নলবাৰী...

February 2, 2025 11:56 AM

views 16

চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ আনুষ্ঠানিকভাবে মুকলি

চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি আনুষ্ঠানিকভাবে এই উৎসৱ মুকলি কৰে। এই উপলক্ষে শ্ৰী বড়োৱে কয়, যে সাহিত্যৰ কোনো সীমা নাথাকে। তেওঁ লগতে কোকৰাঝাৰ সাহিত্য উৎসৱত...

February 2, 2025 11:50 AM

views 26

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ড০ সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ভাষা সাহিত্যৰ অগ্ৰগতিৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবাঢ়িব লাগিব...