February 14, 2025 12:57 PM

views 13

যোৰহাটত এক্স বেণ্ড ৱেডাৰ ৰাডাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কেন্দ্ৰীয় চৰকাৰৰ ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনৰ বতৰ বিজ্ঞান বিভাগৰ এক্স বেণ্ড ৱেডাৰ ৰাডাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ মিছন মৌচমৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই অত...

February 14, 2025 12:55 PM

views 27

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি আমালৈ আহিছে। ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলত ধুমুহা আৰু শিল-বৰষুণত ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গছ-গছনি আৰু বৈদ্যুতিক খুঁটা উভালি পৰাৰ ফলত যাতায়তৰ লগতে বিদ্যুৎ যোগান সেৱাও ব্যাহত হৈ পৰে। ক্ষতিগ্ৰস্ত ২৭টা পৰিয়াল...

February 14, 2025 12:53 PM

views 27

কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল...

February 14, 2025 12:51 PM

views 34

ৰাজ্যত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা নম্বৰবিহীন শিক্ষা ব্যৱস্থা

 ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদে বিদ্যালয় শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ৰাজ্যত নম্বৰবিহীন শিক্ষা ব্যৱস্থা আৰম্ভ কৰিবলৈ সাজু হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ সঞ্চালক ড° নিৰদা দেৱীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই ব্যৱস্থাত শিক্ষার্...

February 14, 2025 12:49 PM

views 22

১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰা বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অসম চৰকাৰে ১০ লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এডভান্টেজ আচাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশহিচাপে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যম...

February 14, 2025 12:39 PM

views 30

নিকি পুন্নাচা আৰু কাৰ্টনি লক দিল্লী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

দিল্লী অপেন টেনিছ প্রতিযোগিতাত ভাৰতৰ নিকি পুন্নাচা আৰু জিম্বাব'ৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হ'বলগীয়া ছেমি ফাইনেলত যুটিটোৱে ব্রিটেন ডেনমার্কৰ জে ক্লাৰ্ক আৰু জোহানছ ইনজিলড়চেনৰ সন্মুখীন হ'ব। ভাৰত জিম্বাব'ৱেৰ যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বী...

February 14, 2025 12:36 PM

views 22

আজিৰে পৰা চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতা

চলিত বৰ্ষৰ মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ তৃতীয় সংস্কৰণৰ প্ৰথমখন খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট জায়েণ্টছৰ সন্মুখীন হ'ব। বদডোৰাত হ'বলগীয়া খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। অহা ১৫ মাৰ্চৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব। প্ৰতিযোগিতাত দেলহী কেপিটেলছ, গুজৰাট জায়ে...

February 14, 2025 12:33 PM

views 25

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত নর্থ ইষ্ট ইউনাইটেড ক্লাৱৰ হাতত জামছেদপুৰ ক্লাৱ ২-০ গলত পৰাস্ত

নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱে কালি জামছেদপুৰত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত জামছেদপুৰ ফুটবল ক্লাৱক ২-০ গলত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেডে আই এছ এল ফুটবল প্রতিযোগিতাৰ ইতিহাসত দুয়োটা দলৰ মাজত হোৱা ৬ খন খেলৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এতিয়া ২১ ফেব্ৰ...

February 14, 2025 12:18 PM

views 28

জাৰ্মানীৰ মিউনিখৰ চেণ্ট্ৰেল ৰে’ল ষ্টেচনৰ সমীপৰ এক দুৰ্ঘটনাত ২৮ গৰাকী লোক আহত

জাৰ্মানীৰ মিউনিখৰ চেণ্ট্ৰেল ৰে'ল ষ্টেচনৰ সমীপত কালি এখন বাহনে একাংশ লোকক মহতিয়াই নিয়াৰ ফলত কমেও ২৮ গৰাকী লোক আহত হয়। মিউনিখৰ মেয়ৰে জনোৱা মতে আহতসকলক ভিতৰত শিশুও আছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্রমিক সংঘৰ লোকসকলে ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে এই দূর্ঘটনাটো সংঘটিত হয়।...

February 14, 2025 12:14 PM

views 20

প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅ’ কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত নৱনীত ছেহগালৰ অংশগ্ৰহণ

মহাকুম্ভ মেলাৰ বা-বাতৰি প্ৰচাৰ কৰা কুম্ভাৱাণী কেন্দ্ৰই সত্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত থকা প্ৰসাৰ ভাৰতীৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগালে প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅ' কেন্দ্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীছেহগালে এই কথা প্ৰকাশ ...