June 12, 2024 1:40 PM

views 9

ষ্টুটগার্ট অ’পেন টেনিছৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ উকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টি

ভাৰতৰ ইউকি ভাম্ব্ৰি আৰু তেওঁৰ সহযোগী ফ্ৰান্সৰ আলবানো অলিভেট্টিয়ে কালি জার্মানীত অনুষ্ঠিত ষ্টুটগার্ট অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাম্ব্ৰি আৰু অলিভেট্টিয়ে বৰ্তমানৰ উইম্বলডন চেম্পিয়ন আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছ আৰু যুক্তৰাষ্ট্ৰৰ নীল স্কুপস্কিৰ দ্বিতীয় স্থানৰ যুটিটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত-ফ্ৰান্সৰ যুটিটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ থিও আৰিবেজ আৰু ছাডিঅ’ ড’ম্বিয়াৰ মুখামুখি হ’ব।

June 8, 2024 2:29 PM

views 14

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনিংছ সামৰিব লগা হয়। খেলখনত ধেমাজিৰ হেমলতা পায়েঙে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে প্রিয়াংশী দত্তই শ্রেষ্ঠ বলাৰ আৰু ফ্লৰিনা টায়েই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

June 8, 2024 1:49 PM

views 17

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

June 4, 2024 8:58 PM

views 23

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

June 4, 2024 4:50 PM

views 30

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 1, 2024 8:45 PM

views 31

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

June 1, 2024 1:32 PM

views 11

পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ

ভাৰতীয় বক্সাৰ নিশান্ত দেৱে আসন্ন পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। বেংককত চলি থকা পেৰিছ অলিম্পিকৰ যোগ্যতা নির্ণয়কাৰী প্ৰতিযোগিতাৰ পুৰুষৰ ৭১ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তে মলডোভাৰ ভাচিলে ছেব’টাৰীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰি নিশান্তে প্রতিযোগিতাত পদক জয় নিশ্চিত কৰাৰ লগতে অলিম্পিকৰ টিকটো অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ভাৰতৰ প্ৰথম পুৰুষ বক্সাৰ হিচাপে নিশান্তে পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ইতিমধ্যে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক ব...

May 31, 2024 8:23 PM

views 15

ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ ৰ মহিলাৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী

ভাৰতৰ শ্বালাৰ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অ'পেন-২০২৪ প্রতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হী য়ঙৰ যুটীটোক ১৮-২১, ২১-১৯, ২৪-২২ গেমত পৰাস্ত কৰে। প্ৰথমটো গেম ১৮-২১ত হৰাৰ পাছত ভাৰতীয় শ্বালাৰ যুটীটোৱে শক্তিশালী প্ৰদৰ্শনেৰে পৰৱৰ্তী দুয়োটা গেমতে জয়লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত তৃষা আৰু গায়ত্ৰী জাপানৰ নামি মাটছুয়া...

May 31, 2024 5:58 PM

views 28

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে খেলুৱৈগৰাকীক শুভচ্ছো জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি প্ৰকাশ কৰে। উ...

May 30, 2024 1:50 PM

views 9

বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অংকুশিতা বড়োৰ

ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক ৮-১ ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫- ০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতী চৌধাৰীয়েও মহিলাৰ ৬৬ কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে ৯২ কিলোগ্ৰামতকৈ...