June 18, 2024 5:11 PM

views 30

আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা ...

June 15, 2024 2:49 PM

views 30

এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ'বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড' আন্ড্রেঅজ্জীৰ যুটীৰ বিৰুদ্ধে খেলিব। বালাজী আৰু বেগেমেনৰ যুটীয়ে কালি অনুষ্ঠিত ছেমিফাইনেলত ইটালীৰ ফ্ৰান্সেছক' মাষ্ট্ৰেল্লি আৰু ফেডেৰিক' ছিনাক ৬-৩, ৩-৬, ১০-৬ ছেটত পৰাস্ত কৰিছিল। ইপিনে নিখিল ভাৰত টেনিছ সংস্থাই পেৰিছ অলিম্প...

June 15, 2024 1:55 PM

views 35

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ'ল দিবলৈ সমর্থ হয় । আজি কল'নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ'ৱেচিয়া স্পেইনৰ মুখামুখি...

June 15, 2024 12:45 PM

views 27

এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত সুমিত নাগল ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগল ইটালীত অনুষ্ঠিত এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ মেক্স কাছনিকোৰ্ত্তিক ৬-৪, ৭- ৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। সুমিত আজি ছেমি ফাইনেলত স্পেইনৰ বৰ্নাবে জপাতা মিৰালেজৰ সন্মুখীন হ'ব।

June 15, 2024 12:42 PM

views 28

সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত নিশামণি বৰাৰ সোণৰ পদক অৰ্জন

অসমৰ নিশামণি বৰাই চেন্নাইত আয়োজিত সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰি কয় যে, মহিলাসকলে সম্প্রতি বহু বাধা অতিক্রমী প্রায় সকলো ক্ষেত্ৰতে উচ্চ স্থান লাভ কৰিছে। নিশামণি বৰাৰ সফলতা ৰাজ্য গৌৰান্বিত বুলি তেওঁ মত প্ৰকাশ কৰে।

June 15, 2024 12:37 PM

views 36

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 14, 2024 7:55 PM

views 31

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে আনখন খেলত ইংলেণ্ডে ওমানক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত ওমানে ১৩ দশমিক ২ অভাৰত ৪৭ ৰান সংগ্ৰক কৰাৰ বিপৰীতে ইংলেে ৩ দশমিক ১ অভাৰত দুটা উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰে। আন খেল নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্...

June 13, 2024 7:54 PM

views 29

অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা

ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা অষ্ট্ৰেলিয়ান অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত পঞ্চম বাছনিৰ প্ৰণয়ে কেৱল মাত্র ৪৬ মিনিটত ইজৰাইলৰ মিশা জীবাৰমানক ২১-১৭, ২১–১৫ গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বাৰ্মাই অষ্টম বাচনিৰ ছিংগাপুৰৰ লো কিয়ান য়ুইক ২১-১৪, ১৪-২১, ২১–১৯ গেম পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত কাইলৈ প্ৰণয়ে দ্বিতীয় বাছনিৰ জাপানৰ কোদায় নাৰৱাকাৰ বিৰুদ্ধে খেলিব। আনহাতে সমীৰ বাৰ্মা চীনাটাইপে ছু-ই-লিনৰ ব...

June 13, 2024 4:49 PM

views 15

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজে ছুপাৰ এইট পৰ্যায়ৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি নিউজিলেণ্ডক ১৫০ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। শ্বেৰফিন ৰাডাৰফ’ৰ্ডে ৩৯ টা বলত ৬৮ ৰান...

June 12, 2024 1:47 PM

views 25

ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত

ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ'ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ ৮৫ মিনিটত কাটাৰৰ আহমেদ আল ৰাৱীয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে এ এফ চি এছিয়ান কাপ ২০২৭ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে।