January 22, 2026 11:27 AM

views 38

মহিলা প্রিমিয়াৰ লীগত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগীতাত আজি বদোদৰাৰ বিচিএ ষ্টেডিয়াম কোটাম্বিত এখন লীগ মেচত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ'ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা। এইবাৰৰ মহিলা প্রিমিয়াৰ লীগ দুখন চহৰৰ ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ নৱী মুম্বাই লীগ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ খেলসমূহ গুজৰাটলৈ স্থানান্তৰিত কৰা হৈছে।

January 22, 2026 11:30 AM

views 39

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্রতিযোগীতাত আজি ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে হংকঙৰ জেছন গুনাৱানৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বী শ্রীকান্তে চীনৰ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে ডেনমাৰ্কৰ লাইন কেছফেল্ডৰ বিৰুদ্ধে খেলিব। ইফালে, পুৰুষৰ ডাবলছত অর্জুন মদাথিল ৰামচন্দ্ৰন আৰু হৰিহৰণ আমছাকৰুণনৰ যুটিটোৱে মালয়েছিয়াৰ টি কাই ব্রুন আৰু মান ৱেই চঙৰ মুখামুখি হ'ব।

January 22, 2026 11:24 AM

views 39

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপ...

January 22, 2026 11:22 AM

views 41

সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডত পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত

অসমৰ ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ এখন মেচত কালি পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত কৰে। এই জয়ৰ জড়িয়তে পশ্চিম বংগই গ্রুপ এত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ঢকুৱাখনাত অনুষ্ঠিত গ্রুপ এ পৰ্যায়ৰ এখন খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত ৰাজস্থানে জয়লাভ কৰে। আজি চিলাপথাৰ ফুটবল ষ্টেডিয়ামত পঞ্জাৱ কেৰালাৰ মুখামুখি হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব।

January 20, 2026 6:28 PM

views 24

অষ্টম অসম প্রিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত বড়িগাঁও উদয়ন সংঘৰ জয়লাভ

অসম ক্রিকেট সন্থাৰ সৌজন্যত আৰু মৰিগাঁও জিলা ক্রীড়া সন্থাৰ সহযোগিতাত জিলাখনৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত চলি থকা অষ্টম অসম প্রিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত মৰিগাঁও জিলা মণ্ডলৰ আজি অনুষ্ঠিত সপ্তমখন খেলত বড়িগাঁও উদয়ন সংঘই জয়লাভ কৰিছে। দলটোৱে ভূৰবন্ধা নৱজ্যোতি সংঘক ১১ ৰাণত পৰাজিত কৰে। উদয়ন ক্লাবৰ আতিকুৰ ৰহমানক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয় ৷

January 19, 2026 8:08 PM

views 28

অষ্ট্ৰেলিয়ান অপেন টেনিছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত তৃতীয় স্থানপ্রাপ্ত ক’ক’ গ’ফে কেমিলিয়া ৰাখিম’ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত

অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্রাপ্ত ক'ক' গ’ফে কেমিলিয়া ৰাখিম'ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত কৰে। দুবাৰকৈ গ্ৰেণ্ড শ্লেম বিজয়ী আমেৰিকান খেলুৱৈ গ'ফে দ্বিতীয় ৰাউণ্ডত ছাৰ্বিয়াৰ বাওহতীয়া খেলুৱৈ ডেনিল' ভিকৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ডেনিল ভিকে কালি ৪৫ বছৰীয়া ভেনাছ উইলিয়ামছক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

January 17, 2026 12:28 PM

views 28

নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত হৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে পৰিপূৰ্ণ এই প্রতিযোগিতাই ক্রীড়া প্ৰেমীসকলক আনন্দিত কৰিবলৈ সক্ষম হয়।

January 15, 2026 7:10 PM

views 39

উন্নত ক্রীড়া প্ৰশিক্ষণৰ উদ্দেশ্যে ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা

ক্রীড়া আৰু যুব কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্রশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্ৰীড়া প্রতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাবান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্রীড়া প্রশিক্ষণ প্রদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ক্রীড়া বিভাগ আৰু ইনস্পায়াৰ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পৰিচালিত এই কেন্দ্ৰৰ জৰিয়তে প্রথম পর্যায়ত এথলেটিকছ, আৰ্চাৰী, টাইকোৱাণ্ডো, টেবুল টেনিছ, লন টেনিছ, দবা আৰু সাঁতোৰৰ শিবিৰৰ আয়োজন কৰা হৈছে। দবা খ...

January 13, 2026 8:23 PM

views 36

কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কাইলৈ অনুষ্ঠিত হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ভাৰত দেওবাৰে বডোডৰাত অনুষ্ঠিত প্ৰথমখন খেলত ৪ উইকেটত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে ইন্দোৰত অনুষ্ঠিত হ'ব।

January 13, 2026 6:05 PM

views 25

দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব । প্রতিযোগিতাত মহিলাৰ চিংগলছত মালৱিকা বাঞ্চোড় আৰু তল্ভী শৰ্মাই ভাৰতক প্ৰতিনিধিত্ব কৰিব মহিলাৰ ডাবলচত তৃশা জল্লী আৰু গায়ত্ৰী গোপিচান্দে ভাৰতক প্রতিনিধিত্ব কৰিব। পুৰুষৰ চিংগলছৰ অপেনিং ৰাউণ্ডত লক্ষ্য সেন আৰু আয়ুষ ছেট্টী মুখামুখি হ'ব। একেদৰে পুৰুষৰ ডাবলচত বিশ্বৰ তৃতীয় স্থানৰ যুটী ছাত্ৰীছাইৰাজ ৰনকীৰেড্ডী আৰু চিৰাগ ছেট...