দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে খেলুৱৈগৰাকীক শুভচ্ছো জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্রিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে ৩ খন এদিনীয়া, এখন টেষ্ট আৰু ৩ খন টি টুৱেন্টি খেল খেলিব। উমা চেত্ৰী প্ৰথমবাৰ ২০২৩ চনৰ জুন মাহৰ বাংলাদেশ ভ্ৰমণৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। উমা চেত্ৰী চীনত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা ক্রিকেট দলটোৰ অন্যতম সদস্য আছিল।
Assamese | May 31, 2024 5:58 PM | Cricket | SPORTS | uma chetry
ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ