May 29, 2025 12:16 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ভূয়সী প্রশংসা ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ’ভেৰ

ভাৰতত ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ'ভে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভূয়সী প্রশংসা কৰিছে। তেওঁ লগতে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ দুৰ্বৃত্তসকলক চিনাক্ত কৰা, ধৰা পেলোৱা আৰু শাস্তি প্ৰদান কৰাৰ বাবে ভাৰতৰ ভূয়সী প্রশংসা কৰিছে। ভাৰত আৰু ৰাছিয়া উভয়ে বহুধ্ৰুৱীয় বিশ্বৰ হকে স্থিতি গ্ৰহণ কৰি যাব বুলি তেওঁ মন্তব্য কৰে। ক্রেমলিন মহলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন এই বছৰ ভাৰতলৈ সম্ভাৱনা আছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছ...

May 29, 2025 12:14 PM

views 14

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রীয়ে ৬২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ পথ পৰিবহন, শক্তি আৰু জলসম্পদ খণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা চলায়। এই প্রকল্পসমূহৰ কৌশলগত গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে ৰূপায়ণৰ বাধা দূৰ কৰাৰ লগতে প্রকল্পসমূহৰ কাম সময় মতে সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনায়। কোনো প্ৰকল্পৰ কামত বিলম্ব ঘটিলে হ'ব পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে উ...

May 26, 2025 12:49 PM

views 18

বডোদড়াৰ ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোডত প্ৰায় ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে বডোদড়াত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।        দুদিনীয়া এই গুজৰাট ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দাহোডৰ বৈদ্যুতিক ৰে'ল ইঞ্জিন নির্মাণ প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে এই প্ৰকল্পৰ জৰিয়তে অহা ১১ বছৰত এহেজাৰ ২০০টা বৈদ্যুতিক মালবাহী ৰে'ল ইঞ্জিন নিৰ্মাণ কৰি উলিওৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে ৯ হাজাৰ অশ্বক্ষমতা সম্পন্ন বৈদ্যুতি...

May 25, 2025 8:38 PM

views 26

মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। অহা ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱনযাত্ৰাৰ সৈ...

May 13, 2025 12:17 PM

views 18

পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিলেই উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অপাৰেশ্বন সিন্দুৰ স্থগিতহে ৰখা হৈছে, বন্ধ হোৱা নাই আৰু পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিলেই উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই অভিযান কেৱল এটা নাম নহয়, বৰং ৰাষ্ট্ৰৰ সামূহিক আবেগৰ এটা শক্তিশালী প্রতীক বুলিও শ্রী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্বন সিন্দূৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কালি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয়, যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। তেওঁ কয়, যে চার্জিকেল স্ট্রাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপা...

May 7, 2025 1:22 PM

views 22

ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব’ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ’ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ’ব- প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব'ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ'ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত কালি এটা ব্যক্তিগত টিভি চেনেলৰ সন্মিলনত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি কয়, যে ভাৰতৰ নদীসমূহৰ বিপুল পৰিমাণৰ পানী সীমান্তৰ বাহিৰলৈ বৈ যায়। তেওঁ কয়, যে এতিয়াৰে পৰা ভাৰতৰ পানী নিজ দেশৰ ভিতৰতে থাকিব আৰু দেশৰ উন্নয়নৰ বাবে এই পানী ব্যৱহাৰ কৰা হ'ব। নদী আন্তঃসংযোগৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্রীমোদীয়...

May 6, 2025 8:14 PM

views 13

আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে। কথোপকথনত শ্ৰীথানিয়ে পেহেলগামত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে সন্ত্রাসবাদ বিৰোধী যুজ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ অনাৰ বাবে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে।

May 6, 2025 8:11 PM

views 13

এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰে। ফোনযোগে হোৱা কথা বতৰাত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে দুয়োখন দেশৰ মাজৰ বিস্তৃত কৌশলগত অংশিদাৰিত্ব শক্তিশালী কৰি তোলা হ'ব বুলি নৱ নিৰ্বাচিত প্রধানমন্ত্রীজনক প্রতিশ্রুতি প্ৰদান কৰে। লগতে দুয়োজন প্রধানমন্ত্ৰীয়ে বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত এই কৌশলগত অংশিদাত্বিক অধিক শক্তিশালী ৰূপেৰে সহযোগিতাৰ মাজেৰে ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োজন নেতাই প্রবাসী ভাৰ...

May 5, 2025 12:54 PM

views 16

২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে ভাৰতক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ

চৰকাৰে ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। কালি বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। এইবাৰৰ বাজেটত ক্ৰীড়াৰ বাবে ৪ হাজাৰ কোটি টকা অনুমোদন দিয়া হৈছে। চৰকাৰে ক্ৰীড়াক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নতো গুৰুত্ব দিছে। প্রধানমন্ত্ৰীয়ে কয়, যে ক্রীড়া প্রতিযোগিতাসমূহ এতিয়া গো...

May 4, 2025 8:29 PM

views 28

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই বৈঠকত দুয়োখন দেশে বর্তমান আঞ্চলিক তথা আন...