ভাৰতত ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ‘ভে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভূয়সী প্রশংসা কৰিছে। তেওঁ লগতে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ দুৰ্বৃত্তসকলক চিনাক্ত কৰা, ধৰা পেলোৱা আৰু শাস্তি প্ৰদান কৰাৰ বাবে ভাৰতৰ ভূয়সী প্রশংসা কৰিছে। ভাৰত আৰু ৰাছিয়া উভয়ে বহুধ্ৰুৱীয় বিশ্বৰ হকে স্থিতি গ্ৰহণ কৰি যাব বুলি তেওঁ মন্তব্য কৰে। ক্রেমলিন মহলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন এই বছৰ ভাৰতলৈ সম্ভাৱনা আছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। দুয়োগৰাকী নেতাৰ মাজত বার্ষিক বৈঠকৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত একবিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দ্বিবিংশ ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলন আৰু কাজানত অনুষ্ঠিত ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে যোৱা বছৰ দুবাৰকৈ ৰাছিয়ালৈ গৈছিল। এই মাহৰ আগভাগত ৰাষ্ট্ৰপতি পুটিনে প্রধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনযোগে কথা পাতিছিল আৰু পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিছিল। তেওঁ লগতে সন্ত্রাসবাদ বিৰোধী যুঁজত ভাৰতলৈ পূৰ্ণ সমর্থন আগবঢ়োৰ আশ্বাস দিছিল।
Site Admin | May 29, 2025 12:16 PM | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ভূয়সী প্রশংসা ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ’ভেৰ
