ডাউনলোড
মোবাইল এপ

android apple
signal

May 29, 2025 12:14 PM | PM Modi

printer

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রীয়ে ৬২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ পথ পৰিবহন, শক্তি আৰু জলসম্পদ খণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা চলায়। এই প্রকল্পসমূহৰ কৌশলগত গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে ৰূপায়ণৰ বাধা দূৰ কৰাৰ লগতে প্রকল্পসমূহৰ কাম সময় মতে সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনায়। কোনো প্ৰকল্পৰ কামত বিলম্ব ঘটিলে হব পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত ব্যয় বৃদ্ধি পায় আৰু জনসাধাৰণো আৱশ্যকীয় সেৱাৰ পৰা বঞ্চিত হবলগীয়া হয়।

ভূমি সা-সম্পত্তি নিয়ামক প্ৰাধিকৰণ ৰেৰাৰ সৈতে জড়িত ৰাজহুৱা ওজৰ-আপত্তিৰ পৰ্যালোচনাৰ সময়ত শ্ৰীমোদীয়ে বাসগৃহৰ ক্রেতাসকলৰ বাবে ন্যায় সুনিশ্চিত কৰাৰ বাবে ওজৰ-আপত্তি নিষ্পত্তি ব্যৱস্থাৰ মান উন্নত কৰা আৰু সময় মতে ওজৰ আপত্তি নিষ্পত্তি কৰাৰ আৱশ্যকতা আছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰসমূহক ৰেৰা আইনৰ অধীনত সকলো যোগ্য ভূমি সা-সম্পত্তি প্ৰকল্পৰ বাধ্যতামূলক পঞ্জীয়ন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। বৈঠকত প্রধানমন্ত্রীয়ে দেশত ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত হোৱা প্ৰগতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে যিকোনো ক্ষেত্ৰৰ উত্তম কাৰ্যশৈলী আন ৰাজ্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস হব পাৰে আৰু এনে অনুপ্ৰেৰণাই ৰাষ্ট্ৰীয় ছেমিকণ্ডাক্টৰ অভিযান সুদৃঢ় কৰি তুলিব। বৰ্তমানলৈকে প্রগতি মঞ্চৰ বৈঠকত ২০ লাখ ৬৪ হাজাৰ কোটি টকাৰ ৩৭৩টা প্ৰকল্পৰ কামৰ পৰ্যালোচনা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক