প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰে। ফোনযোগে হোৱা কথা বতৰাত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে দুয়োখন দেশৰ মাজৰ বিস্তৃত কৌশলগত অংশিদাৰিত্ব শক্তিশালী কৰি তোলা হ’ব বুলি নৱ নিৰ্বাচিত প্রধানমন্ত্রীজনক প্রতিশ্রুতি প্ৰদান কৰে। লগতে দুয়োজন প্রধানমন্ত্ৰীয়ে বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত এই কৌশলগত অংশিদাত্বিক অধিক শক্তিশালী ৰূপেৰে সহযোগিতাৰ মাজেৰে ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োজন নেতাই প্রবাসী ভাৰতীয়সকলে দ্বিপাক্ষিক বান্ধোন দৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বিষয়ে আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। লগতে দুয়োখন দেশৰ বাবে সহায়ক হোৱা আঞ্চলিক আৰু গোলকীয় পৰ্যায়ৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি মুক্ত, স্থিৰ তথা ন্যায়গতভাৱে এছিয় প্রশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নতিৰ হকে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীজনক এইবৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বার্ষিক সন্মিলন তথা কোৱাড সন্মিলনলৈ আহিবলৈ আমন্ত্ৰণ জনায়।
Site Admin | May 6, 2025 8:11 PM | PM Modi
এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
