May 4, 2025 11:25 AM

views 27

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে।

May 2, 2025 8:24 PM

views 13

অন্ধ্ৰপ্ৰদেশত অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজধানী অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে ৫৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও পথ আৰু ৰে'ল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পসমূহে অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু বিকশিত ভাৰতৰ ভেঁটি শক্তিশালী কৰাত সহায় কৰিব। বিগত ১০ বছৰত ডিজিটেল, সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত দেশে গুৰুত্ব...

May 2, 2025 8:21 PM

views 25

ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ-চহৰসমূহ বিকশিত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হ’ব- প্ৰধানমন্ত্ৰী

ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ-চহৰসমূহ বিকশিত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হ'ব। ভাৰতৰ সামুদ্রিক যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱিঝিঞ্জামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি এই মন্তব্য কৰে। ৱিঝিঞ্জাম আন্তঃৰাষ্ট্ৰীয় বন্দৰটো নতুন যুগৰ উন্নয়নৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বাণিজ্যিক সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন সাধাৰণ জনতাৰ মৌলিক প্রয়োজনীয়তা পূৰণ হ'লেহে সঁচ...

April 30, 2025 12:54 PM

views 18

কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা প্রধানমন্ত্ৰীৰ এখন ছবিক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

বিজেপিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা এখন ছবিক লৈ প্ৰতিক্ৰিয়া কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই, পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত এই গুৰুত্বপূৰ্ণ সময়ত কংগ্ৰেছে এনেধৰণৰ বাৰ্তাৰ জৰিয়তে দেশক দুৰ্বল কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে এই আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্যৰ কথাও উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে কয়, যে পেহেলগাম আক্ৰমণৰ আঁৰত থকা সন্ত্রাসবাদীসকলক উচিত প্ৰত্যুত্তৰ দ...

April 23, 2025 12:38 PM

views 12

ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শ্রীমোদীয়ে স্বদেশলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। প্রধানমন্ত্ৰীৰাকী তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। পশ্চিম এছিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰণি পৰা সত্বেও তেওঁৰ এই ভ্ৰমণ ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। শ্ৰীমোদী আৰু ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন চলমানে শক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প...

April 21, 2025 8:05 PM

views 16

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰী চৌদি আৰৱলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱলৈ যাব। ২০১৬ আৰু ২০১৯ ৰ পাছত এয়া হ'ব শ্রীমোদীৰ দেশখনলৈ তৃতীয়টো ভ্রমণ। প্রধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু চৌদি আৰৱে অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে শতিকা পুৰণি বন্ধুত্বক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময় আৰু কৌশলগত চুক্তিৰ মাধ্যমেৰে বিগত দশকবোৰত আৰু শক্তিশালী কৰি তুলিছে।

April 21, 2025 6:28 PM

views 16

সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ । সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানম...

April 12, 2025 1:10 PM

views 20

এ আই ডি এম কেই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তত প্রধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ

AIADMK-ই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্রীমোদীয়ে কয়, যে এন ডি এৰ অন্যান্য মিত্ৰদলৰ সৈতে লগলাগি তেওঁলোকে তামিলনাডুক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব আৰু নিষ্ঠাসহকৰে ৰাজ্যখনলৈ সেৱা আগবঢ়াব। তেওঁ কয়, যে এন ডি এৰ মিত্ৰজোঁটে এম জি ৰামাচন্দ্ৰন আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্রয়াত জয়াললিতাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এখন চৰকাৰ সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, যে তামিলনাডুৰ উন্নতি ৰাজ্যখনৰ অনন্য সংস্কৃতিৰ সংৰ...

April 9, 2025 7:46 PM

views 14

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচেষ...

April 9, 2025 2:51 PM

views 26

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...