ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ-চহৰসমূহ বিকশিত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হ‘ব। ভাৰতৰ সামুদ্রিক যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱিঝিঞ্জামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি এই মন্তব্য কৰে। ৱিঝিঞ্জাম আন্তঃৰাষ্ট্ৰীয় বন্দৰটো নতুন যুগৰ উন্নয়নৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বাণিজ্যিক সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন সাধাৰণ জনতাৰ মৌলিক প্রয়োজনীয়তা পূৰণ হ‘লেহে সঁচা অৰ্থত দেশৰ উন্নয়ন সম্ভৱ হয়।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে, এই বন্দৰটোক দেশৰ সামুদ্রিক পথৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক স্থিৰতাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ লগতে কেৰালা তথা সমগ্ৰ দেশৰ উপকাৰ সাধন হ‘ব বুলি মত প্রকাশ কৰি এই বন্দৰটোক তেওঁ নতুন যুগৰ উন্নয়নৰ উল্লেখনীয় আৰ্হি হিচাপে অভিহিত কৰে । বন্দৰটোৰ পৰিচালন ভৱন পৰিদৰ্শন কৰি নিয়ন্ত্ৰণ ব্যৱস্থাৰ বুজ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱিঝিঞ্জাম বন্দৰৰ জৰিয়তে জাহাজ পৰিবহণৰ সামৰ্থ্য পৰৱৰ্তী সময়ত তিনিগুণ বৃদ্ধি পাব বুলিও উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি ৱিজয়নে কয়, যে ৱিঝিঞ্জাম বন্দৰে তৃতীয় সহস্ৰাব্দৰ উন্নয়নৰ সম্ভাৱনাৰ এখন দুৱাৰ মুকলি কৰিলে। আজিৰ এই অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী, জৰ্জ কুৰিয়েনৰ লগতে ৰাজ্যখনৰ বহু কেইগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়কেও অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে ৱিঝিঞ্জাম বন্দৰটো ৰাজহুৱা-ব্যক্তিগতখণ্ডৰ সহযোগিতাৰে ৮ হেজাৰ ৯০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছে। আর্থিক শক্তিৰ এই কাৰ্য্য-কলাপ আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্র প্রতিশ্রুতিবদ্ধ বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ভাৰতৰ সামুদ্রিক উদ্যোগক উন্নীত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয, যে এই সহযোগিতাই ভাৰতৰ বন্দৰসমূহক বিশ্বৰ মানদণ্ডলৈ উন্নীত কৰিছে। দেশৰ প্ৰথমটো অৰ্ধ-স্বয়ংক্রিয় বন্দৰ ৱিঝিঞ্জাম হৈছে এনে এটা প্রকল্প, যিয়ে বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ স্থান শক্তিশালী কৰাত অৰিহণা যোগাব।