বিজেপিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা এখন ছবিক লৈ প্ৰতিক্ৰিয়া কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই, পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত এই গুৰুত্বপূৰ্ণ সময়ত কংগ্ৰেছে এনেধৰণৰ বাৰ্তাৰ জৰিয়তে দেশক দুৰ্বল কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে এই আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্যৰ কথাও উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে কয়, যে পেহেলগাম আক্ৰমণৰ আঁৰত থকা সন্ত্রাসবাদীসকলক উচিত প্ৰত্যুত্তৰ দিয়া হ‘ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। পাছত কংগ্ৰেছে সামাজিক মাধ্যমৰ পৰা বিতৰ্কিত বাৰ্তাটো আঁতৰাই দিয়ে।
Assamese | April 30, 2025 12:54 PM | PM Modi
কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা প্রধানমন্ত্ৰীৰ এখন ছবিক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া