প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ । সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ জৰিয়তে দেশৰ বাবে কেইবা হাজাৰ বছৰীয়া পৰিকল্পনা যুগুত কৰা হৈছে। তেওঁ কয় যে প্ৰকৃত প্ৰগতি সৰু সৰু পৰিৱৰ্তন নহয়, বৰং বৃহৎ পৰিসৰ আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ জৰিয়তেহে সম্ভৱ হয়। দেশক প্ৰগতিৰ উচ্চ শিখৰত উপনীত কৰাবৰ বাবে শ্রীমোদীয়ে দেশৰ যুৱ সমাজ, কৃষক আৰু মহিলাসকলৰ আশা- আকাংক্ষা পূৰণত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে বর্তমান প্ৰশাসন, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।
Site Admin | April 21, 2025 6:28 PM | PM Modi
সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
