January 11, 2025 9:20 PM

views 23

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে কয়, যে বিগত ১০ বছৰত প্ৰায় ২৪ লাখ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এই সময়ছোৱাত ৫৬ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ মাদকদ্ৰব্য বিনষ্ট কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয...

January 2, 2025 9:32 AM

views 29

আজিৰে পৰা গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আৰম্ভ

আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্রী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চ'ক মেট্রো ষ্টেশ্যনৰ ফটোযুক্ত মূল পৰিচয়পত্ৰ দেখুৱাই এই টিকট ক্রয় কৰিব পৰা যাব। জনসাধাৰণে aamantran.mod.gov.in ৱেবছাইট আৰু আমন্ত্ৰণ মোবাইল এপৰ পৰাও টিকট ক্রয় কৰিব পাৰিব । ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে টিকটৰ মূল্য ২০ৰ পৰা ১০০ টকা আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ মূল্য ২০ টকা ধাৰ্য কৰা হৈছে।

January 2, 2025 9:22 AM

views 38

কৃষকসকলৰ কল্যাণৰ বাবে ৩টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্রীসভাই প্রধানমন্ত্রী ফচল বীমা আঁচনি আৰু ন-ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনিখন ২০২৫-২৬ বৰ্ষলৈ অব্যাহত ৰখাৰ আৰু ডাই এমনিয়াম ফছফেট সাৰৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ...

December 24, 2024 1:35 PM

views 25

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ'ব। অৱশ্যে অনুত্তীর্ণ ছাত্র-ছাত্রীসকলে দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে পুৰণি ব্যৱস্থা ঘূৰাই আনি নতুন শিক্ষানীতিৰ আধাৰত এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। পৰীক্ষাত উত্তীৰ্...

December 24, 2024 10:24 AM

views 43

২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ’

■প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু হ'ব ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ'। কৰ্তব্য পথত হবলগীয়া সাংস্কৃতিক প্ৰদৰ্শনী আৰু পেৰেডত অংশগ্ৰহণৰ বাবে এইবাৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য নিৰ্বাচন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, চণ্ডীগড়, দাদৰ নগৰ হাভেলী আৰু দমন আৰু ডিউ, গোৱা, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক আদি অন্যতম। এই ৰাজ্যসমূহৰ লগতে কেন্দ্ৰৰ ১১টা মন্ত্ৰালয় আৰু বিভাগকো নিৰ্ব...

December 24, 2024 10:06 AM

views 30

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্রাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোতে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে গ্রাহক সুৰক্ষা আইন, ১৯৮৬ প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শোষণৰ বিৰুদ্ধে ফলপ্রসূ সুৰক্ষা প্ৰদান কৰা। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্রী প্রহ্লাদ যোশীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গ্রাহক দিৱস উপলক্ষে আয়োজিত এখন সভাত সভাপতিত্ব ...

December 19, 2024 8:47 PM

views 21

কাইলৈৰ পৰা ৩ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিশ্রী মৰিছাছলৈ যাব

বিদেশ সচিব বিক্রম মিশ্রীয়ে কাইলৈৰ পৰা তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ বাবে এইয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া আদান-প্রদান অব্যাহত ৰখাৰ লগতে গ্লোবেল ছাউথৰ দায়বদ্ধতা, আফ্ৰিকাৰ বাবে থকা নীতি আৰু সাগৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ প্ৰতিফলিত কৰিব। ভাৰত আৰু মৰিছাছে দীৰ্ঘদিনৰে পৰাই দুয়োখন দেশৰ মাজত ঐতিহাসি...

December 19, 2024 5:14 PM

views 28

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৯ টা ৰাজ্যিক জিলা পথ উন্নয়ন প্ৰকল্পৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ অতি ভিতৰুৱা ঠাইসমূহতো যোগাযোগৰ ব্যৱস্থা সূচল কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে সামাজিক-অর্থনৈতিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ খণ্ডৰ লোকসকলৰ জীৱন ধ...

December 13, 2024 8:28 PM

views 25

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।

December 13, 2024 5:21 PM

views 26

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশ। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই ন-কৈ স্বাধীন হোৱা ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুতৰ বাবে প্ৰক্ৰিয়া চলাইছিল। ৩ বছৰীয়া বিতৰ্ক আৰু বিবেচনাৰ পাছ...