May 20, 2025 8:37 PM

views 35

শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰিছে। ব্রাজিলত অনুষ্ঠিত ব্ৰিক্‌ছ শক্তিমন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ নিকা শক্তি ক্ষেত্ৰৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। শক্তিৰ উপলব্ধতা ত্বৰান্বিত কৰা, সেউজ হাইড্ৰ'জেন খণ্ডৰ প্ৰগতি সাধন, নৱীকৰণযোগ্য শক্তিৰ উন্নয়ন তথা শক্তিৰ উৎপাদন, সম্প্ৰসাৰণ কৰাৰ খণ্ডত দেশে লাভ কৰা দশকজোৰা প্ৰগতিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক সুস্থিৰতা সুনিশ্...

May 20, 2025 7:38 PM

views 32

ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা বর্তমান ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ অধীনস্থ কেবিনেট আৰু এষ্টাৰিছমেন্ট বিষয়া নিযুক্তি কমিটিয়ে আজি নতুন দিল্লীত জাৰি কৰা অধিসূচনা অনুযায়ী শ্রীডেকাৰ কাৰ্যকাল অহা ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ এবছৰ বৃদ্ধি কৰা হৈছে।

May 2, 2025 3:59 PM

views 33

কৃষক সংস্থাসমূহৰ সৈতে ৪ মে’ত হ’বলগীয়া প্ৰস্তাৱিত বৈঠক স্থগিত ৰখাৰ ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে কৃষক সংস্থাসমূহৰ সৈতে অহা ৪ মে'ত হ'বলগীয়া প্ৰস্তাৱিত বৈঠকখন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ অংশগ্রহণ অবিহনে এই বৈঠকখন ফলপ্রসূ নহ'ব বুলি মত পোষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পূর্ণ চন্দ্ৰ কিষাণে কৃষক সংস্থাসমূহলৈ লিখা এখন চিঠিত কয়, যে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দাবী কৰাৰ দৰে প্ৰস্তাৱিত বৈঠকত পাঞ্জাব চৰকাৰক অন্তৰ্ভুক্ত নকৰাটো সমীচিন নহ'ব। এনে প্ৰেক্ষাপটত চৰকাৰে কৃষ...

April 26, 2025 9:25 PM

views 21

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা দলে ছিকিমৰ মাজেৰে নাথুলাপাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্রী নির্বাচন কৰা হ'ব। এই নির্বাচন...

April 22, 2025 12:27 PM

views 32

পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত ৩ দিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে সদ্য প্ৰয়াত পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি আৰু কাইলৈ দুদিন তথা তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। এই সময়ছোৱাত দেশত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব আৰু কোনোধৰণৰ চৰকাৰী বিনোদনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা নহ'ব।

April 11, 2025 6:35 PM

views 56

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলতহে গ্ৰহণ কৰা হ'ব। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী বঁটা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্...

April 4, 2025 8:41 PM

views 34

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩২ কোটি ৫১ লাখ টকা মুকলি কৰি দিছে। মন্ত্রালয়ে জনায় যে এই আঁচনিৰ জৰিয়তে এই ৱাৰ্ডসমূহৰ স্কুল, কলেজ আৰু আন পেচাদাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী...

March 20, 2025 10:46 AM

views 30

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয়, যে গ...

March 11, 2025 5:43 PM

views 15

কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব

কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাজ্যসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই কয়, যে ২০২৫-২৬ চনৰ ভিতৰত ২০০ টা ডে কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। শ্ৰী নাড্ডাই শেহতীয়া কিছু তথ্য দাঙি ধৰি কয়, যে আয়ুষ্মান ভাৰত- প্রধানমন্ত্রী জন আৰোগ্য যোজনা ৰূপায়ণৰ পাছৰে পৰা কৰ্কট ৰোগীসকলৰ ৰোগ চিনাক্ত হোৱাৰ ৩০ দিনৰ ভিতৰত চিকিৎসা আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰে সুলভ আৰু গুণগত ...

January 22, 2025 7:46 PM

views 38

২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আজি নতুন দিল্লীত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে। তেওঁ কয় যে প্ৰতি কুইণ্টল কেঁচা মৰাপাটত ৫ হাজাৰ ৬৫০ টকা ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰা হ'ব। ২০২৪-২৫ বৰ্ষতকৈ এই মূল্য ৩১৫ টকা বেছি। চৰকাৰৰ এই পদক্ষেপে মৰাপাট উদ্যোগ নিৰ্ভৰ ৪০ লাখ খেতিয়কক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিব।মন্ত্ৰী শ্ৰীগোৱেলে আৰু কয যে ...