December 10, 2024 8:52 PM

views 24

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰাৰ কথা প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰা হৈছে বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এম জি এনৰেগাৰ অধীনত লেন-দেন হোৱা ৩৫ কোটিৰো অধিক টকাৰ ভিতৰত প্ৰায় ৩৪ হাজাৰ ৪৫ লাখ কোটি টকা আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে প্ৰদান কৰা হৈছে৷

December 7, 2024 8:40 PM

views 22

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত কৰিছে। কাটাৰত আজি মুকলি হোৱা দোহা মঞ্চ ২০২৪ৰ এটা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এনেদৰে কয়। কাটাৰৰ প্রধানমন্ত্ৰী আৰু নৰোৱেৰ বিদেশ মন্ত্ৰীৰ সৈতে নতুন যুগৰ সংঘাটৰ সৈতে মধ্যস্থতা সম্পর্কে আলোচনা কৰি শ্ৰী জয়শংকৰে দূৰৈৰ সংঘাতেও ভাৰতৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ দিশত পেলোৱা স্পষ্ট প্ৰভাৱৰ বিষয়েও সজোৰে মত প্ৰকাশ কৰে। ভৌগোলিক ভাবে ভাৰত যথেষ্ট দূৰত্বত থাকিলেও এনে সংঘাতসমূহৰ প্রভাব খৰতকীয়াকৈ ভা...

December 7, 2024 7:34 PM

views 29

দেশজুৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ

২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্রান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত নিদান প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে বুলি অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে তেওঁ ৰোগ...

November 20, 2024 9:08 PM

views 28

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অৱশ্যে, ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে সংসদৰ বৈঠক অনুষ্ঠিত নহয়।

November 20, 2024 5:42 PM

views 34

আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি এম এম হ’ল আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা বিষয়ৰ শীৰ্ষস্থানীয় মঞ্চ। আছিয়ান গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ – ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন্‌ছ, ছিংগাপুৰ, থ...

November 12, 2024 2:24 PM

views 29

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশলগত বিকল্প নহয়, বৰং আৱশ্যকতাহে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধে তথ্য যুদ্ধৰ বিভীষিকা দূৰ কৰাৰ বাবে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা ...

November 12, 2024 8:26 AM

views 28

বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি কৰিছে। কেবিনেটৰ নিযুক্তি কমিটিয়ে কার্যকাল বৃদ্ধিত অনুমোদন জনাইছে। শ্রী মিশ্রিয়ে চলিত বৰ্ষৰ ১৫ জুলাইত বিদেশ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভিন্ন পদবীত সেৱা আগবঢ়োৱাৰ লগতে প্রধানমন্ত্ৰীৰ কাৰ্যালয়তো কাম কৰিছিল।

November 7, 2024 8:23 PM

views 39

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক...

November 7, 2024 7:31 PM

views 30

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিবঃ গৃহমন্ত্রী

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া সন্ত্রাসবাদ বিৰোধী সন্মিলন, ২০২৪ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিগত ১০ বছৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। তেওঁ কয়, যে শ্রী মোদীৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিক বিশ্বৰ বিভ...

November 6, 2024 12:53 PM

views 31

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছে। নীতি আয়োগে এটা বিবৃতিযোগে কৈছে যে, দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত জল উৎসৱ অভিযান ৰূপায়ণ হৈ আছে। ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভাগ আৰু জলশক্তি মন্ত্ৰালয়ৰ সহযোগ...