October 31, 2025 7:01 PM October 31, 2025 7:01 PM
22
লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে এসময়ত অৱহেলাপূর্ণ অঞ্চল বুলি খ্যত ব্রহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তিৰত হৈছে বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই আজি লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাষণ প্রসঙ্গত ড০ শৰ্মাই ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত জনসাধাৰণক উদ্দেশি ভাষণ দিয়ে। তেওঁ এই সভাতে ২৮৯ কোটি ট...