December 6, 2025 11:44 AM

views 35

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী আজি শিলচৰলৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুদিনীয়া ভ্রমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কাইলৈও মুখ্যমন্ত্রীয়ে কেইবাটাও কার্যসূচীত অংশ ল'ব।

December 4, 2025 12:40 PM

views 26

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ৰ প্রকাশ

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্রতি দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত অসম আৰক্ষীয়ে অনুসন্ধানৰ ক্ষেত্ৰত সৰ্বশ্রেষ্ঠ পাৰদৰ্শিতা দেখুৱাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ ...

December 4, 2025 12:36 PM

views 27

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে শীঘ্রেই এখন সমিতি গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্রেই এখন সমিতি গঠন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি চাহ শ্রমিকক ভূমি হস্তান্তৰ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে প্রকাশ কৰে। এই বৈঠকতে প্রতিখন চাহ বাগিচাত এখনকৈ চাৰিজনীয়া সমিতি গঠনৰ জৰিয়তে ভূমি জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে চাহ শ্ৰমিকসকলৰ আবেদন পত্র সংগ্ৰহ কৰাত সহায় কৰিব। জৰীপৰ পাছতহে পর্যায়ক্রমে ভূমিপটা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে বিধানসভাত...

November 27, 2025 7:58 PM

views 27

এ আইৰ জৰিয়তে মুখ্যমন্ত্রীক লৈ ভিডিঅ প্ৰস্তুত কৰা গোচৰত ৩জন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ

আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে আজি কৃত্রিম বুদ্ধিমত্তা, এ আইৰ জৰিয়তে ভিডিঅ প্ৰস্তুত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনমানসত হেয় প্রতিপন্ন কৰা গোচৰত তিনিজন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কংগ্রেছ কর্মীকেইজনক মাজুলীৰ জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্যপ্রযুক্তি শাখাৰ অধ্যক্ষ জিবেশ্বৰ গাম, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্র উপেন ৰাজ নাথ আৰু নগাঁও জিলাৰ জুৰিয়াৰ ছাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। দুষ্টচক্রই এ আইৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাঙুৰি অমিতাভ বচ্চনে ...

November 22, 2025 8:21 PM

views 37

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চন্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দর্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিছে। ইপিনে, অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই কালি এই সন্দৰ্ভত জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ...

November 22, 2025 7:04 PM

views 43

অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। বৰ্তমান ৰাজ্যখনৰ মহিলাসকল আত্মনির্ভৰশীল হোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মসম্মান বৃদ্ধি পাইছে। অনুষ্ঠানত মুখ্...

November 20, 2025 12:33 PM

views 35

আজি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ চাৰিগৰাকী, স্নাতক শিক্ষকৰ ১৭৭, নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ গৰাকী প্রার্থী আছে। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাব...

November 17, 2025 1:06 PM

views 39

লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্ব দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ব্রিটিছ সংগ্ৰহালয়ৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ল'নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে বৃন্দাবনী বস্তু অসমলৈ অনাটো সম্ভৱ হ...

November 12, 2025 8:17 PM

views 41

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে বিকলাংগ হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত ন্যূনতম ...

November 12, 2025 12:27 PM

views 36

জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে ৫০ বিঘা পৰ্যন্ত ভূমিস্বত্ব দিয়া হব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত ৫০ বিঘা পর্যন্ত ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ধৰ্তিত আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্রায় ডেৰ লাখ জনজাতীয় লোকে ভূমি পট্টা লাভ কৰিছিল যদিও আন বহু লোকে এই সুবিধ...