October 13, 2025 1:12 PM

views 35

অহা ১৬ অক্টোবৰত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক মাননি প্ৰদান

ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা চাহ বাগিচাৰ যুৱক-যুৱতীসকলক অহা ১৬ অক্টোবৰত খানাপাৰাত হ'বলগীয়া এটা অনুষ্ঠানত ২৫ হাজাৰ টকাকৈ মাননি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। ১৬ অক্টোবৰত হ'বলগীয়া অনুষ্ঠানত যুৱক যুৱতীসকলক যোগদান কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কয়, যে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে দীপাৱলীৰ পাছত অক্টোবৰ মাহতে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক নিৰ্ব...

October 4, 2025 1:04 PM

views 43

ৰাজ্যত শীঘ্ৰেই ৩৫ হাজাৰ প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্ত্যব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ প্রথমে মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত প্রায় ৩৮ হাজাৰ গৰাকী মহিলাক প্ৰথম বছৰৰ কিস্তিৰ ধন প্ৰদান কৰিব। ইয়াৰ পিছত তেওঁ জিলাখনৰ পাভৈত পঞ্চম অসম বেটেলিয়নৰ শুভাৰম্ভ কৰিব। কালি সামাজিক মাধ্যমযোগে জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত শীঘ্রেই ৩৫ হাজাৰ প্রার্থীয়ে স্বচ্ছ আৰু নিকাভাবে নিযুক্তি লাভ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে ৭ অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায়ত ৩০ লাখ হিত...

September 27, 2025 7:54 PM

views 33

ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা

ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক শিক্ষক, স্বাস্থ্য বিভাগৰ কাৰিকৰী, অ-কাৰিকাৰী পদকে ধৰি বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৯ অক্টোবৰৰ ভিতৰত চৰকাৰে এই পদসমূহত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিল যদিও ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে নিযুক্তি প্ৰক্ৰিয়া কিছু পিছুৱাই দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এ ড...

September 26, 2025 12:57 PM

views 36

লোকসেৱা ভৱনত সোণোৱাল কছাৰী সমাজৰ প্ৰতিনিধিসকলৰ সৈতে কালি মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সোণোৱাল কছাৰী সমাজৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰ তথা সামগ্ৰিক বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ড° শৰ্মাই ইয়াৰ পূৰ্বে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক ...

September 22, 2025 11:43 AM

views 38

যোৰাবাটৰ সমীপৰ কমাৰকুছিত কাইলৈ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দ...

September 16, 2025 12:53 PM

views 42

আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ জনজাতীয় সংগঠনসমূহৰ প্ৰতি মুখ্যমন্ত্রীৰ আহ্বান

জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ছটা জনগোষ্ঠীৰ লোকসকলে প্রাপ্য মর্যাদা লাভ কৰিব। সেয়েহে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাইছে। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে জনজাতিকৰণ সংক্রান্তত বিশেষ প্রতিবেদন পৰৱৰ্তী বিধানসভা অধিৱেশনত উত্থাপন কৰিব আৰু এই প্ৰতিবেদন অনুমোদিত হ'লেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ'ব বুলি প্ৰকাশ কৰ...

September 5, 2025 12:07 PM

views 27

শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগণি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে ডুৰুং চাহ বাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দা পোষ্টকার্ড হোটেল ম...

September 5, 2025 12:06 PM

views 36

গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ মুখ্য সচিবক নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নির্দেশ দিছে। গুৱাহাটীৰ আৰ্য নগৰত বুধবাৰে নির্মীয়মান উন্মুক্ত নলাত পৰি এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে নিৰ্দেশ দিয়ে। ঢেকীয়াজুলিত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড° শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নলাৰ ঢাকোন লগা...

September 4, 2025 7:12 PM

views 31

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শোণিতপুৰত আজি জল-জীৱন আঁচনিৰ ঠিকাদাৰৰ আন্দোলন সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে যিসমূহ আঁচনিৰ কাম ভালদৰে হৈছে, তাৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব। কাম নহ'লে পুঁজি লাভ কৰাত অসুবিধা হ'ব বুলি ড° শৰ্মাই মন্তব্য কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে তৃতীয় পক্ষৰ দ্বাৰা আঁচনিসমূহৰ মূল্যায়ণ কৰি আছে ৷

September 2, 2025 7:04 PM

views 32

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত ৩১ হাজাৰ ৯১০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত এই কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছত তেওঁ ডবকাত নৱ নির্মিত গীতাশ্রম উদ্বোধন কৰাৰ লগতে গোপাল জীউ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে হোজাইৰ সাগৰবস্তিৰ...