September 6, 2024 1:31 PM

views 40

অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত অহা ২ অক্টোবৰৰ পৰা ৩৯ খন উপ-জিলা কাৰ্যকৰী হৈ উঠিব। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃণমূল পৰ্যায়ত জনসাধাৰণ কেন্দ্ৰিক ফলপ্রসু প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উদ্দেশ্যে ৰাজ্যিক কেবিনেটে অহা ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ প্ৰথম পৰ্যায়ত ৩৯ খন উপ জিলা কাৰ্যকৰী কৰি তোলাত অনুমোদন জনাইছে। ইয়াৰ ফলত বিধানসভা সমষ্টিভিত্তিক উপায়ুক্তৰ কাৰ্যালয় স্থাপনৰ পথ প্ৰশস্ত হ'ব।

September 6, 2024 1:14 PM

views 34

ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন কৰে। ৫৫ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সৌৰশক্তি উৎপাদনৰ বাবে উৎপাদন কেন্দ্ৰত এহেজাৰতকৈও অধিক সৌৰ শক্তি পেনেল স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দৈনিক ৭০০ কিলোৱাট শক্তি উৎপাদনৰ ব্যৱস্থা কৰা হৈছে।

August 27, 2024 7:00 PM

views 39

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে, সময়মতে আগবঢ়োৱা চিকিৎসা সাহায্যৰ বাবে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ শতাংশ হ্রাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

July 29, 2024 1:13 PM

views 37

ৰাজ্যত ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়, ৰাজ্যবাসীক সাজু হ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ৰাজ্যত অহা ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণৰ এই বিশাল পদক্ষেপৰ বাবে সাজু হ'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত ৩ কোটি গছ পুলি ৰোপণ কৰা হ'ব। ১৫ দিন ধৰি এই আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় গছপুলিসমূহ সংৰক্ষণ কেন্দ্ৰত সাজু কৰি তোলা হৈছে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে সেউজ অসম নিৰ্মাণৰ মহৎ লক্ষ্যৰে একত্ৰিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

June 15, 2024 1:00 PM

views 36

২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী

নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আটাইবোৰ প্ৰচেষ্টা সফল হ'লে ৰাজ্যখনে ৩ হাজাৰ ৬৪৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি আধাৰশিলা স্থাপন হোৱা নামৰূপৰ ২৫ মেগাৱাট ক্ষমতা...

June 12, 2024 5:40 PM

views 45

তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

তেলুগু দেশম পাৰ্টিৰ মুৰব্বী নৰ চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যখনৰ কৃষ্ণা জিলাৰ কেছাৰাপল্লী আই টি পাৰ্কত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল এছ আব্দুল নাজিৰে আজি দিনৰ ১১ বাজি ২৭ মিনিটত তেওঁক শপতবাক্য পাঠ কৰোৱায়। নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ ২৪ গৰাকী নৱনিৰ্বাচিত বিধায়কেও আজি মন্ত্ৰী পৰিষদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে। এই সকলৰ মাজত জনসেনা পাৰ্টিৰ তিনিগৰাকী আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্যয়ো আছে। আজি মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাসকলৰ মাজৰ অন...

April 20, 2024 12:13 PM

views 45

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল'ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ শর্মাই হাইলাকান্দিতো এটা ৰোড শ্ব’ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছকে ধৰি আন আন দলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

April 1, 2024 7:24 PM

views 90

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত...

April 1, 2024 1:07 PM

views 90

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...