June 10, 2025 12:11 PM

views 42

পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২০৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত দুহেজাৰ ৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। সিন্দুৰ অভিযানৰ সময়ত জম্মু আৰু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাসমূহত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ক্ষতিপূৰ্ণৰ কথা ঘোষণা কৰিছে বুলি...

May 29, 2025 12:36 PM

views 38

প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক সন্দেহজনক নাগৰিকৰ তালিকা প্রস্তুত কৰিবলৈ জৰুৰী নির্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনত অবৈধ বাংলাদেশী নাগৰিক চিনাক্ত কৰাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক জিলাখনৰ সন্দেহজনক নাগৰিকৰ তালিকা প্রস্তুত কৰিবলৈ জৰুৰী নির্দেশ জাৰি কৰিছে। অসম আৰক্ষীয়ে এই পর্যন্ত চলোৱা অভিযানত আটক কৰা ডেৰ শতাধিক অবৈধ নাগৰিকক সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়া হৈছে। কাছাৰৰ পশ্চিম কাটিগড়াৰ জালালপুৰত আৰক্ষীয়ে মঙলবাৰে স্থানীয় ৰাইজৰ সহযোগত ৩০ গৰাকী বাংলাদেশীক আটক কৰে। বাংলাদেশীকেইজনে পশ্চিম কাটিগড়াৰ জালালপুৰ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিবলৈ অটো ...

May 23, 2025 4:04 PM

views 43

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ এন আই এ আদালত গঠন

কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে জ...

May 22, 2025 7:11 PM

views 56

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীক তিনি মাহৰ চাউল একেলগে বিতৰণৰ ব্যৱস্থা

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অনুসৰি তিনি মাহৰ চাউল একেলগে বিতৰণৰ ব্যৱস্থা কৰিছে। জুন মাহত অন্ন সেৱা দিনত প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ডৰ গৰাকীক জুন, জুলাই আৰু আগষ্ট মাহৰ বিপৰীতে এবাৰকৈ মুঠ তিনিবাৰ আঙুলিৰ চাপ দি খাদ্য সুৰক্ষাৰ চাউল সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে প্ৰতিজন সুলভ মূল্যৰ দোকানীয়ে নিজৰ অঞ্চলৰ হিতাধিকাৰীসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে দোকানৰ সন্মুখত ফলক আঁৰিব লাগিব বুলি প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে । হোজাই জ...

May 20, 2025 12:26 PM

views 28

অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এমাহৰ সময়সীমা নির্ধাৰণ

বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলবোৰক এমাহৰ সময়সীমা নির্ধাৰণ কৰি দিছে। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক বাংলাদেশ আৰু ম্যানমাৰৰ নাগৰিকৰ নথিপত্রসমূহ যদিহে ৩০ দিনৰ ভিতৰত সঁচা প্রমাণিত নহয় তেন্তে তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে অনুপ্রৱেশকাৰী বাংলাদেশী নাগৰিক আৰু ৰহিংগীয়া শৰণাৰ্থীৰ তথ্য ৰখাৰ লগ...

April 2, 2025 9:02 PM

views 36

দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় চাৰে তিনি লাখ শিক্ষার্থী উপকৃত হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে ৭২১খন বিদালয়ত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত ৪৭৭খন বিদ্যালয় কার্যক্ষম হৈ উঠিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰীয়ে দুৰ্গা দাস উইকে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনজাতীয় সম্প্ৰদায়ৰ শিশুসকলক নিজা পৰিবেশত শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ বৰ্ষত কেন্দ্...

March 28, 2025 8:04 PM

views 35

বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই সামগ্ৰীসমূহৰ যোগান শক্তিশালী কৰিবলৈ বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন জনাইছে। আজি নতুন দিল্লীত মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিৰ বাবে চৰকাৰে ২২ হাজাৰ কোটি টকাৰো অধিক পুঁজিৰ যোগান ধৰিব। তেওঁ লগতে কয়, যে এই আঁচনিৰ জৰিয়তে ৯১ হাজাৰৰো অধিক প্ৰত্যক্ষ কৰ্ম সংস্থাপনৰ লগতে কেইবাহাজাৰৰো অধিক পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি হ'...

March 28, 2025 7:32 PM

views 29

কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এইবছৰৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া বানচ মূল দৰমহাৰ ৫৩ শতাংশ হ'ব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজকোষৰ পৰা বছৰি অতিৰিক্ত ছহেজাৰ ৬১৪ কোটি ৪০ হাজাৰ টকা ব্যয় হ'ব। ইয়াৰ...

March 18, 2025 12:15 PM

views 24

দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত অনুমোদন জনাইছে। দেশৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবলগীয়া এই অভিযানত কেন্দ্ৰই অনুমোদন জনোৱাৰ বিষয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়ণনে কালি বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত প্ৰকাশ কৰিছে। ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগীয়া এই অভিযানত জাপান সহযোগী দেশ হিচাপে থাকিব। পঞ্চম চন্দ্ৰযানত চন্দ্ৰৰ বুকুলৈ ২৫০ কিলোগ্ৰাম ওজনৰ ৰোভাৰ প্ৰেৰণ কৰা হ'ব। উল্লেখযোগ্য যে ২০২৭ চনত চন্দ...

February 19, 2025 8:28 PM

views 30

গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিহাৰ, হাৰিয়ানা আৰু চিকিমৰ গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মোকলাই দিছে। বিহাৰে সংযুক্ত অনুদানৰ দ্বিতীয় কিস্তি হিচাপে ৮২১ কোটি টকাৰো অধিক পুঁজিৰ লগতে প্ৰথম কিস্তিৰ স্থগিত ৰখা প্রায় ৪৮ কোটি টকা লাভ কৰিছে । এই পুঁজি, ৩৮ খন জিলা পঞ্চায়ত, ৫৩০ খন খাদ্য খণ্ড পঞ্চায়ত আৰু আঠ হেজাৰতকৈও অধিক গাওঁ পঞ্চায়তৰ বাবে ব্যয় কৰা হ'ব । হাৰিয়ানাৰ স্থানীয় নিকায়সমূহৰ বাবে দ্বিতীয় কিস্তি হিচাপে ২০২ কোটিতকৈ অধিক টকা আৰু প্ৰথম কিস্তিৰ...