January 27, 2025 2:51 PM

views 48

উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰীৰ বাবে আনুষ্ঠানিক জাননী জাৰি

কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া পেন্সন আঁচনি অর্থাৎ ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে শেহতীয়াকৈ আনুষ্ঠানিক জাননী জাৰি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰে যোৱা বছৰৰ আগষ্টত ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত বিকল্প ব্যৱস্থা হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা সামৰি লোৱা আৰু নতুন পেন্সন আঁচনিৰ অধীনত এই বিকল্প বাছি লোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰী হ'ব বুলি এই সন্দৰ্ভত জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে।

January 25, 2025 6:40 PM

views 25

৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হাউলীৰ পৰা বৰপেটা, মুকালমুৱা, হাজো হৈ আমিনগাঁৱলৈকে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰেই নিবিদা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পথছোৱা উন্নীতকৰণৰ ফলত বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা লোকসকলৰ যাতায়াত সুচল হ'ব। মুখ্যমন্ত্রীয়ে কেন্দ্রীয় বিভাগীয় মন্ত্ৰী নীতিন গাডকাৰীক এই পথছোৱা নিৰ্মাণৰ বিষয়টো দ্ৰুতগতিত নিষ্পত্তি কৰ...

January 2, 2025 9:22 AM

views 57

কৃষকসকলৰ কল্যাণৰ বাবে ৩টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

■ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বছৰটো খেতিয়কৰ নামত উচৰ্গা কৰা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্রীসভাই প্রধানমন্ত্রী ফচল বীমা আঁচনি আৰু ন-ৰূপত সজাই তোলা বতৰ আধাৰিত শস্য বীমা আঁচনিখন ২০২৫-২৬ বৰ্ষলৈ অব্যাহত ৰখাৰ আৰু ডাই এমনিয়াম ফছফেট সাৰৰ ক্ষেত্ৰত অতিৰিক্ত ৰাজসাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ...

December 19, 2024 5:14 PM

views 36

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৯ টা ৰাজ্যিক জিলা পথ উন্নয়ন প্ৰকল্পৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ অতি ভিতৰুৱা ঠাইসমূহতো যোগাযোগৰ ব্যৱস্থা সূচল কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে সামাজিক-অর্থনৈতিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ খণ্ডৰ লোকসকলৰ জীৱন ধ...

December 19, 2024 12:48 PM

views 35

আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ কৰা হ'ব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্রধান লক্ষ্য। তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষীপ্ৰ নিষ্পত্তিকৰণো এই সপ্তাহ পালনৰ আন এটা বিশেষ বৈশিষ্ট। এই অভিযানকালত কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটী, দিশপুৰ, চন্দ্ৰপুৰ, সোণাপুৰ আৰু আজাৰা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ লগতে চন্দ্ৰপুৰ, ডিমৰীয়া, আৰু ৰ...

December 18, 2024 10:27 AM

views 38

এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক ২ খন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি লোকসভাত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ লগতে ইয়াৰ প্ৰতিটো দফা সন্দৰ্ভত বিতং আলোচনাৰ পোষকতা কৰিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে দেশত একেলগে নির্বাচন অনুষ্ঠিত কৰিবলৈ সংবিধানৰ এশ উনত্রিশ ন ম্বৰ সংশোধনী বিধেয়ক, ২০২৪ আৰু কেন্দ্ৰীয়...

December 10, 2024 8:52 PM

views 27

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰাৰ কথা প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰা হৈছে বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এম জি এনৰেগাৰ অধীনত লেন-দেন হোৱা ৩৫ কোটিৰো অধিক টকাৰ ভিতৰত প্ৰায় ৩৪ হাজাৰ ৪৫ লাখ কোটি টকা আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে প্ৰদান কৰা হৈছে৷

November 30, 2024 8:29 PM

views 30

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ বিষক্রীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপন্থা শীৰ্ষক পদক্ষেপ গ্ৰহণ

সৰ্প দংশন আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়টো ৰাজ্যিক জনস্বাস্থ্য আইন বা অন্য প্রযোজ্য বিধিৰ অধীনত অধিসূচনা জাৰি কৰিবলগীয়া ৰোগ হিচাপে চিহ্নিত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব নাইবা অতিৰিক্ত মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্য মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰিছে। বিশেষকৈ জনজাতি বসতিপ্রধান অঞ্চল আৰু কৃষকসকলৰ মাজত সৰ্প দংশনৰ ফলত মৃত্যু, অসুস্থতা আৰু অক্ষমতা সৃষ্টি হব পাৰে বুলি কেন্দ্ৰীয় স্বাস...

November 19, 2024 8:37 PM

views 38

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হোৱা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি যোৱা ২৫ অক্টোবৰৰ পৰা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত আছে। এই পশুধন পিয়লত দেশৰ ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত অৰ্থনৈতিকভাৱে গুৰুত্ব থকা মুঠ ১৬ বিধ জীৱৰ ২১৯টা থলুৱা আৰু বৰ্ণসংকৰ জাতৰ পিয়ল কৰা হ'ব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ৬০৫ খন ৰাজহ চক্ৰৰ ৩২টা ৱাৰ্ড সামৰি পশুধন পিয়লৰ কাম পূর্ণগতিত চলি আছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিয়োগ কৰা ২৪ জন পর্যবেক্ষক বিষয়া আৰু তেওঁলোকৰ অধীনৰ ১২৮ জন গণনাকাৰীয়ে ঘৰে ঘৰে গৈ পশুধন আৰু পশুপালন সম্পৰ্কীয় যাৱতীয় তথ্য ...

November 8, 2024 11:53 AM

views 34

ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে কয় যে যোৱা অক্টোবৰৰ শেষ ভাগলৈ ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ৪ হাজাৰ ১০২ মেট্রিক টনৰ পৰা ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কয় যে শেহতীয়া কেইটামান বছৰত ব্ৰাজিলৰ মাটি মাহৰ দাইলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ৰূপে পৰিগণিত হৈছে আৰু দেশখন ভাৰতৰ মাটি মাহ আৰু ৰহৰ দাইলৰ আমদানিৰ উৎস হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে ভাৰতীয় ৰাষ্ট্রীয় সমবায় গ্ৰাহক সংঘৰ মাধ্যমেৰে অসম, মেঘালয়, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ...