January 21, 2026 12:40 PM

views 13

পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মোকলাই দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে আবণ্টিত এই ধন ৰাজ্যখনৰ দুহেজাৰ ১৯২ খন গাঁও পঞ্চায়ত, ১৮২ খন আঞ্চলিক পঞ্চায়ত আৰু ২৭ খন জিলা পৰিষদলৈ মোকলাই দিয়া হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কালি সদৰি কৰে। উল্লেখযোগ্য যে প্রতিটো বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা বিত্তীয় আয়োগৰ ধনৰাশি দুটা কিস্তিত ৰাজ্যলৈ মোকলাই দিয়া হয়। এই একত্ৰিত ধনৰাশি ৰাজ্যৰ পঞ্চায়তীৰাজ প্রতিষ্ঠান তথা গ্রাম্য স্থানীয় নিকায়সমূহে তেওঁলোক...

December 29, 2025 8:16 PM

views 19

পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

 কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্রায় চৰাইৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে, বালিচৰত বাহ সাজি থকা পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ ৬৮ সংখ্যক বৈঠকতে এই প্রকল্পত অনুমোদন জনোৱা হয়। নমামি গংগে অভিযান দ্বিতীয়ৰ সৈতে সংগতি ৰাখি এই প্রকল্পই দীর্ঘম্যাদি নিৰীক্ষণ ব্যৱস্থা, সামুহিক অংশগ্রহণ আৰু প্ৰমাণ আধাৰিত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ৰাষ্ট্ৰীয় স্বচ্ছা গংগা অভিযানৰ সঞ্চালক প্রধান ৰ...

December 4, 2025 11:59 AM

views 32

সঞ্চাৰ সাথী নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নির্মাতাসকলৰ বাবে সঞ্চাৰ সাথী এপটো নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় যোগাযোগ মন্ত্রালয়ে কালি নতুন দিল্লীত এই বিষয়ে এটা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে নাগৰিকসকলে যেতিয়াই বিচাৰে তেতিয়াই এই এপটো তেওঁলোকৰ ফোনৰ পৰা আন-ইনষ্টল কৰিব পাৰে। মন্ত্রালয়ে লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাহিৰে এই এপটোৰ আন কোনো ব্যৱহাৰ নাই। মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এতিয়ালৈকে দেশৰ ১ কোটি ৪০ লাখ মোবাইল ফোন ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনল'ড কৰ...

October 28, 2025 8:47 PM

views 32

নাগালেণ্ডলৈ ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ দ্বিতীয় কিস্তিৰ ২০ কোটি টকা মোকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি হিচাপে নাগালেণ্ডলৈ আগতীয়াকৈ ২০ কোটি টকা মোকলাই দিয়াত অনুমোদন জনাইছে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই সিদ্ধান্তত অনুমোদন জনায়। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে প্রাকৃতিক দুর্যোগ আৰু বিপৰ্যয়ৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ আহিছে আৰু ৰাজ্যসমূহৰ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াই আহিছে। মন্ত্রালয়ে কয় যে চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুর...

September 4, 2025 10:58 AM

views 25

জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে কালি সামগ্ৰী আৰু সেৱাকৰ – জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্রমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিগত সংস্কাৰ সাধনত অনুমোদন দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা ব...

August 28, 2025 1:17 PM

views 22

ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ ৰে’লপথ দ্বৈতকৰণত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৩ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে এই ৰে'লপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশক সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। দ্বৈতকৰণৰ ফলত ৰে'লপথছোৱাৰে ৰে'ল চলাচলৰ সুবিধা হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল সংযোগ অধিক উন্নত কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্রীসভাই কাল...

August 26, 2025 12:20 PM

views 58

ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩,৫৫৯ কোটি ১৯ লাখ টকা মুকলি

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩ হাজাৰ ৫৫৯ কোটি ১৯ লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কালি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য সভাত এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত অসমলৈ ৬১৭ কোটি ৬০ লাখ টকা মুকলি কৰি দিছে। একেদৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৬১৭ কোটি ৬০ ল...

July 1, 2025 2:26 PM

views 39

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ব্যক্তি বিভাগে তিনিটা শাখাত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদন বিচাৰিছে। এই আবেদন ৰাষ্ট্ৰীয় বৃত্তি প'ৰ্টেল www.scholarship.gov.in ত জমা দিব লাগিব। আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশ শাৰীৰিক অক্ষমতাৰ প্ৰমাণ পত্ৰ থকাৰ লগতে বাৰ্ষিক আয় আঢ়ৈ লাখ টকাতকৈ কম হ'ব লাগিব। প্ৰাৰ্থীৰ আধাৰ নম্বৰ অথবা পিতৃ-মাতৃৰ বেংক একাউণ্ট থাকিব লাগিব। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ আগত পাবলগীয়া বৃত্তিৰ ক্ষেত্ৰত ৩১ ...

June 16, 2025 1:35 PM

views 34

শিলিগুড়িৰ পৰা গুৱাহাটীলৈ চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থা শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে পশ্চিমবংগৰ শিলিগুড়িৰ পৰা গুৱাহাটীলৈ এটা চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প লৈছে। উত্তৰ- পূৰ্বাঞ্চলৰ সৈতে পশ্চিমবংগৰ বিশেষকৈ চিকেন নেকেবে যোগাযোগ স্থাপনত সুবিধা হোৱাকৈ এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডত এই প্ৰকল্পৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই পৰিকল্পনাৰ ভিত্তিত মন্ত্ৰালয়ে ...

June 10, 2025 8:16 PM

views 30

কেন্দ্ৰই পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ক্ষতিপূৰণৰ কথা ঘোষণা কৰা বুলি গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে প্রকাশ কৰা অনুসৰি এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰা হ'ব। পঞ্জাব সীমান্তৰ ক্ষতিগ্ৰস্...