ডাউনলোড
মোবাইল এপ

android apple
signal

May 29, 2025 12:36 PM | Central Govt.

printer

প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক সন্দেহজনক নাগৰিকৰ তালিকা প্রস্তুত কৰিবলৈ জৰুৰী নির্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনত অবৈধ বাংলাদেশী নাগৰিক চিনাক্ত কৰাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক জিলাখনৰ সন্দেহজনক নাগৰিকৰ তালিকা প্রস্তুত কৰিবলৈ জৰুৰী নির্দেশ জাৰি কৰিছে। অসম আৰক্ষীয়ে এই পর্যন্ত চলোৱা অভিযানত আটক কৰা ডেৰ শতাধিক অবৈধ নাগৰিকক সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়া হৈছে। কাছাৰৰ পশ্চিম কাটিগড়াৰ জালালপুৰত আৰক্ষীয়ে মঙলবাৰে স্থানীয় ৰাইজৰ সহযোগত ৩০ গৰাকী বাংলাদেশীক আটক কৰে। বাংলাদেশীকেইজনে পশ্চিম কাটিগড়াৰ জালালপুৰ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিবলৈ অটো ৰিক্সাৰে গৈ থকাৰ সময়ত স্থানীয় ৰাইজে এই লোককেইজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখযোগ্য যে এই লোককেইজনে বহু দিন পূর্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। অবৈধ বাংলাদেশীকেইজনে ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰি আছিল বুলি জানিব পৰা গৈছে। বর্তমান লোককেইজন আৰক্ষীৰ জিম্মাত আছে। ধুবুৰী জিলাতো ২২ জন সন্দেহজনক নাগৰিকক আটক কৰি ধুবুৰী বি এন কলেজ আৰক্ষী চকীত তদন্ত অব্যাহত ৰখা হৈছে। ৰাজ্যজুৰি চলোৱা এই অভিযানৰ মাজতে কালি যোৰহাটত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সমদল উলিওৱা হয়। ইপিনে, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিয়ে কালি হাটশিঙিমাৰীত এখন সংবাদমেল অনুষ্ঠিত কবি অবৈধ বাংলাদেশীক চিনাক্তকৰণ প্ৰক্ৰিয়াত যাতে দেশী জনগোষ্ঠীয় খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি নহয়, সেই কথা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে। কালি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি ইমদাদুল ইছলামে এই আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক