February 20, 2025 6:12 PM

views 30

কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছেঃ মুখ্যমন্ত্রী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে তেওঁ কয়, যে কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগ...

February 16, 2025 12:08 PM

views 25

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱাৰ বাবে এই তদন্তৰ প্ৰয়োজন আহি পৰিছে। এই বিষয়ে ৰাজ্যিক মন্ত্রীসভাত আলোচনা কৰি তদন্তকাৰী দলটো গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

February 16, 2025 11:51 AM

views 23

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত প্ৰকাশ কৰি কয়, যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই অনুসৰি জাপানে অসমত এটা ভাষা কেন্দ্র স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই কেন্দ্ৰটোত ৯ মাহৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব...

February 9, 2025 11:45 AM

views 32

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। কালি মুম্বাইত জে এছ ডব্লিঅ' গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ লগতে আন্তঃগাথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম...

February 2, 2025 11:41 AM

views 338

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আঁচনিখনৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক প্ৰাৰম্ভিক আর্থিক সাহায্য প্ৰদানৰ বাবে নাম পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত কালি আবেদন প'ৰ্টেল মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি মুঠ ১ লাখ ৬২ হাজাৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিছিল আৰু সেইসকলে এতিয়া নিৰ্দিষ্ট প্ৰস্তাৱসমূহ আবেদন প'ৰ্টেলত জনা...

January 30, 2025 2:22 PM

views 27

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰিদৰ্শনকালত শ্ৰীমল্লক সংগ দিয়ে।

January 28, 2025 8:10 PM

views 26

কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্রিম বুদ্ধিমত্তা, ৰব’টিকছ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সকলো আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা সাহায্য ঘোষণা কৰিছে। এই...

January 8, 2025 1:25 PM

views 26

নতুন দিল্লীত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক কালি সাক্ষাৎ কৰে । সাক্ষাৎকালত ড° শৰ্মাই কয়, যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম, দেশৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ অংশ। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ...

December 31, 2024 6:59 PM

views 20

কাইলৈ গুৱাহাটী মহানগৰীত পদপথ সেঁতু আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা

ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেঁতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেঁতুখনে গুৱাহাটী ৰে'ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰৰ সুবিধা ৰখা ...

December 20, 2024 8:26 PM

views 20

বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত এহেজাৰ ৮৫৬ গৰাকী শিক্ষাৰ্থীক নগদ ধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১৬ হাজাৰ ৫৬০ গৰাকী শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শ...