June 21, 2024 12:37 PM

views 34

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীনঃ মুখ্যমন্ত্রী

ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কালি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম কৰি আছে। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত শেহতীয়াকৈ ২২ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ৬৭টা ৰাজহ চক্ৰৰ এহেজাৰ ৩০০খনৰো অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ...

June 18, 2024 5:21 PM

views 37

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনি

অসম মন্ত্ৰীসভাৰ দপ্তৰ সামান্য সাল-সলনি ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। আনহাতে, কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য প্রযুক্তি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। পূৰ্বতে কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল। একেদৰে সদ্য নির্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্য...

June 17, 2024 12:37 PM

views 35

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান অৱস্থাত থকা কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়টোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কার্যালয়টো চলিত বছৰৰ শেষৰ ফালে মুকলি কৰা হব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, চলিত বছৰৰ শেষৰ পৰা ৰূপনগৰত নিৰ্মাণ কৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্রশাসনিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব। বর্তমান হেঙেৰাবাৰীৰ কাৰ্যালয়টো দিশপুৰ উপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰূপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গুৱা...

June 16, 2024 8:07 PM

views 37

অসম সচিবালয়ত সৌৰশক্তি প্রকল্প মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম সচিবালয়ত আজি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয়ৰ দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিণত হৈছে। এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম-কাজ চলিব বুলি তেওঁ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমা...