September 11, 2025 8:45 PM

views 32

ধুবুৰীত হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা নিশা ধুবুৰীত উপস্থিত হৈ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি ...

August 6, 2025 8:00 PM

views 45

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ’ব : ড০ হিমন্ত বিশ্ব শৰ্মা

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ'ব আৰু তেনে লোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকীয়াই দিয়ে। মুখ্যমন্ত্রীয়ে কয়, যে জাতিটোৰ বৰঘৰত কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব খুজিলে মানুহে মাত মাতিবই। সঠিক সময়ত মাত নামাতিলে, সেই জাতিক কোনে উদ্ধাৰ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ড০ শৰ্মাই আইন হাতত তুলি নোলোৱাকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবলৈ খিলঞ্জীয়া লোকসকলক আহ্বান জনায়।

July 10, 2025 12:48 PM

views 40

ৰাজ্যৰ হিতাধিকাৰী বাছনি প্রক্রিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশ লৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা অভিযান আৰু ৰেচন কাৰ্ড বিতৰণৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুত...

June 20, 2025 11:51 AM

views 40

প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ২০০১-২০০৩ চনৰ চেম্পুল ৰিচাৰ্চ চিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ৪৯০গৰাকীয়ে মৃত্যুক সাৱতি লৈছিল। ২০১৮-২০২০ একেটা সংস্থাৰ প্ৰতিবেদন মতে ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ১৬৭লৈ হ্ৰাস পায়। একেদৰে, ২০২০-২০২২চনত এই হাৰ ১২৫লৈ হ্ৰাস পায়। ফলত মধ্যপ্রদেশ, ছট্টিশগড়, উত্তৰ প্ৰদেশ...

April 14, 2025 7:39 PM

views 35

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষার্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনা...

April 13, 2025 7:29 PM

views 11

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক ৰ’ব’টিক ছাৰ্জাৰী ব্যৱস্থা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ৰব'টিক চাৰ্জাৰী ব্যৱস্থা মুকলি কৰে। এই অস্ত্ৰোপচাৰ যন্ত্ৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, কার্দিঅ ভাছকুলাৰ ডিজিজ এণ্ড স্ট্রোক আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১৪ কোটি ৯৯ লাখ টকা ব্যয়েৰে ক্ৰয় কৰিছে। এই অস্ত্ৰোপচাৰ নিখুঁত হোৱাৰ লগতে ইয়াৰ ফলত কৰ্কট ৰোগৰ উন্নত চিকিৎসা প্রদানত সুবিধা হ'ব বুলি মুখ্যমন্ত্ৰ...

April 6, 2025 9:31 PM

views 45

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্তক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই আদৰণি জনাইছে। শ্ৰী ব্ৰহ্মই এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।...

March 21, 2025 10:39 AM

views 27

ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম মন্ত্রীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম মন্ত্রীসভাই নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অনুমোদন দিছে। এই প্ৰকল্পত ভাৰত চৰকাৰৰ ৬০ শতাংশ আৰু অসম চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। কালি ডিব্ৰুগড়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰে। তেওঁ কয়, যে ১২ দশমিক সাত লাখ মেট্রিকটন ক্ষমতাৰ ইউৰীয়া আৰু এম'নিয়া উৎপাদন প্ৰকল্পটোৰ আধাৰশিলা স্থাপনৰ বাবে ছেপ্তেম্বৰ অথবা অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হ'ব। বৈঠকত অৰুণাচল ...

March 2, 2025 12:49 PM

views 40

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী  হৈ উঠিব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ নতুন ৰূপৰ আৰ্হি আৰু নতুন টার্মিনেলত উপলব্ধ হ'বলগীয়া সুবিধাসমূহৰ পৰ্যালোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰকাশ কৰিছে।

March 2, 2025 12:12 PM

views 32

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত লোকসেৱা ভৱনত বিত্তমন্ত্রী অজন্ত নেওগসহ বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে কালি হোৱা আলোচনাত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ আহৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰি আছে আৰু অর্থনীতিক আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। এইবাৰৰ বাজেটত নির্ধাৰিত লক্ষ্যৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ...