January 15, 2026 10:25 AM

views 35

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি প্রকাশ কৰিছে। ডিফুত কালি ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই আজি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু চিৰাং জিলাৰ বিজনীত আঁচনিখনৰ চেক বিতৰণ কৰিব। ইয়াৰে ধুবুৰীৰ বিলাসীপাৰা বিধানসভাৰ অধীনৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত ১৮ হাজাৰৰো অধিক আৰু বিজনী জিলা ক্রীড়া সন্থা...

January 11, 2026 12:03 PM

views 20

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত কালি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা-এ.ডি.আৰ.ইত উত্তীর্ণ তৃতীয় বর্গৰ ৬৩৪৭ গৰাকী প্রার্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই আহ্বান জনায়। ড° শর্মাই কয়, যে ৰাজ্য চৰকাৰে সম্পূর্ণ স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে নিযুক্তি সম্পন্ন কৰিছে। নিযুক্তি লাভ কৰা প্রার্থীসকলক তেওঁলোকৰ কর্ম জীৱনত এই নিষ্ঠা আৰু স্বচ্ছতা বৰ্তাই ৰা...

January 7, 2026 1:14 PM

views 34

লখিমপুৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত ২৯৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ ১ বজাত ঘিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আত্মসহায়ক গোটৰ ৩৬ হাজাৰ ৫০ গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে...

December 30, 2025 6:55 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পা...

December 21, 2025 7:35 PM

views 42

কামপুৰ-যমুনামুখৰ ৰে’লপথত ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত বন বিভাগক মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্রতিকূল বতৰ বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে তাৎক্ষণিক ব্যবস্থা গ্রহণৰো নির্দেশ দিয়ে। কালি পুৱতি নিশা ২ বাজি ১৭ মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা গুৰুতৰভাৱে আহত হয়। পাছত এই হাতীটোৰ চিকিৎসাধীন...

December 7, 2025 9:06 PM

views 49

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত সোমবাৰে স্কুটাৰ বিতৰণ

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ'ব। এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্রীয়ে এই বঁটা লা...

November 5, 2025 7:37 PM

views 48

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী পালন

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা- কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৫ হাজাৰ লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৩ হাজাৰ শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱ...

October 20, 2025 7:26 PM

views 49

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আৰক্ষী প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত সহযোগিতাৰে অভিযান চলাই আছে। ইয়াৰ অংশ হিচাপে আজি শ্রীভূমি জিলাৰ পৰা আটক কৰা ১৮ গৰাকী ৰোহিংগাক সীমান্তৰ সীপাৰলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিছে।

October 5, 2025 11:53 AM

views 47

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রীৰ বিটিআৰৰ বাহিৰে সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় সকলো কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানৰ মূল কাৰ্যসূচী ৭ অক্টোবৰত গুৱাহাটীত আয়োজন কৰা হ'ব আৰু সেইদিনাই ৩০ লাখ ৫৪ হাজাৰ ১৮৮ গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টযোগে ১২৫০ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত প্রধানমন্ত...

September 29, 2025 6:42 PM

views 43

শাৰদীয় দুর্গাপূজাৰ সপ্তমীৰ দিন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ

আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুর্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিশ্বেশ্বৰ দেৱালয়কে ধৰি প্রাচীন দেৱালয়সমূহত নৱৰাত্রিৰ প্রথম দিনাৰে পৰা আধ্যাত্মিকতা ৰক্ষ...