June 23, 2025 5:55 PM

views 25

১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ

১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি আজি গভীৰ শ্রদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰী জয়শংকৰে কয়, যে এয়া আছিল সন্ত্ৰাসবাদীৰ এক অন্যতম বৰ্বৰ আক্ৰমণ। উল্লেখযোগ্য যে আজিৰ দিনটোতেই কানাডাৰ মণ্টিল চহৰৰ পৰা লণ্ডন হৈ নতুন দিল্লীলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ 182 বিমানখন আলান্টিক মহাসাগৰৰ ওপৰত মাজ আকাশত বিস্ফোৰিত হৈছিল। কানাডাস্থিত খালিস...

June 21, 2025 8:23 PM

views 24

নিয়ম উলংঘনৰ অভিযোগত এয়াৰ ইণ্ডিয়াৰ তিনিজন বিষয়াক অপসাৰণৰ নিৰ্দেশ

দেশৰ অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়াৰ তিনিজন বিষয়াক নিয়ম উলংঘনৰ অভিযোগত কৰ্মচাৰীৰ সময়সূচী প্ৰস্তুত আৰু ৰষ্টাৰিং সম্পৰ্কীয় দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণৰ নিৰ্দেশ দিছে। সঞ্চালকালয়ে লগতে বিষয়াকেইজনৰ বিৰুদ্ধে আভ্যন্তৰীণভাৱে অনুশাসনমূলক তদন্ত কৰি দহ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে।        এটা বিবৃতিত সঞ্চালকালয়ে কয় যে এই বিষয়াসকল কাৰ্য্যকৰী ত্ৰুটিৰ বাবে দায়ী আৰু বিগত বহুসময় ধৰি গুৰুতৰভাৱে নিয়ম উলংঘনত জড়িত আছিল। সঞ্চালকালয়ে লগতে উল্লেখ ...

December 13, 2024 5:30 PM

views 26

স্মার্ট ইণ্ডিয়া হেকাথনত ভিন্ন প্ৰতিষ্ঠানৰ পুৰস্কাৰ লাভ

আই আই টি হায়দাবাদত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুম্বাইস্থিত বেলিংকাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট, নয়দা ইনষ্টিটিউট অব ইনঞ্জিনিয়াৰিং এণ্ড টেকনলজী, যশৱন্ত ছাৱন্ত ইঞ্জিনিয়াৰিং নাগপুৰ আৰু টেকন'মেইনছল্ট লেক কলকাতাই ছফ্টৱেৰ সংস্ককৰণৰ কৃষিৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিছিল। একেদৰে নেচনেল ইনষ্টিটিউট অব টেকন'ল'জি শিলচৰ আৰু আই আই আই টি নাগপুৰেও পুৰস্কাৰ লাভ কৰিছে। সেইদৰে ডাটা মেঘে কলেজ অব ইঞ্জিনিয়াৰিং, গাৱালিয়ৰৰ আই আই আই টি এণ্ড মেনেজমেণ্ট ইনষ্টিডিউট, কাণপুৰৰ ছাত্ৰপতি ছাহুজী মহাৰাজ ইউনিভাৰ্ছিটি আৰু পু...

November 12, 2024 2:24 PM

views 24

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা কৌশলগত বিকল্প নহয়, বৰং আৱশ্যকতাহে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিৰুদ্ধে তথ্য যুদ্ধৰ বিভীষিকা দূৰ কৰাৰ বাবে নতুন পৰিস্থিতিৰ সৈতে খাপ খাব পৰা প্ৰতিৰক্ষা ...

October 5, 2024 11:46 AM

views 26

ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা এজন লোকক পাকিস্তানে আদৰি লোৱা কাৰ্যত ভাৰত আচৰিত হোৱা নাই। তেওঁ এই আচৰণক গৰিহণাযোগ্য তথা হতাশাজনক আখ্যা দিয়ে।

August 6, 2024 1:38 PM

views 26

ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে, তেওঁলোকে শেহতীয়া পৰিস্থিতিত অহৰ্নিশে নিৰীক্ষণ কৰি আছে আৰু আগতিয়াকৈ টিকট কৰি থোৱা যাত্ৰীসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে। যাত্ৰীসকলে অধিক তথ্যৰ বাবে এয়াৰ ইণ্ডিয়াৰ ০১১-৬৯৩২৯৩৩৩ / ০১১-৬৯৩২৯৯৯৯ নম্বৰত ফোন কৰিব পাৰিব। ইপিনে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফে কয় যে ভাৰত-বাংলাদেশ সী...

June 28, 2024 6:45 PM

views 31

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে এখন আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্রেছে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তদুপৰি গুৱাহাটী-ছিংগাপুৰ আৰু গুৱাহাটী-বেংকক সংযোগী বিমান সেৱা মুকলিৰ বাবেও বৈঠকত বিমান পৰিবহন সংস্থাটোৱে আগ্রহ দেখুওৱা বুলি পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই প্ৰকাশ কৰে।

May 25, 2024 5:21 PM

views 17

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা-আন্দামান আৰু অন্ধ্র-প'ৰ্টব্লেয়াৰৰ মাজত বিমান সেৱাও বাতিল কৰা হৈছে।

May 8, 2024 8:19 PM

views 19

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জাননী নিদিয়াকৈ সমুহীয়াভাৱে অসুস্থতাৰ ছুটি লোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।