বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা এজন লোকক পাকিস্তানে আদৰি লোৱা কাৰ্যত ভাৰত আচৰিত হোৱা নাই। তেওঁ এই আচৰণক গৰিহণাযোগ্য তথা হতাশাজনক আখ্যা দিয়ে।
Assamese | October 5, 2024 11:46 AM | AIR India | Dr. S Jaishankar | India Govt.
ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব