এয়াৰ ইণ্ডিয়াই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে, তেওঁলোকে শেহতীয়া পৰিস্থিতিত অহৰ্নিশে নিৰীক্ষণ কৰি আছে আৰু আগতিয়াকৈ টিকট কৰি থোৱা যাত্ৰীসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে। যাত্ৰীসকলে অধিক তথ্যৰ বাবে এয়াৰ ইণ্ডিয়াৰ ০১১-৬৯৩২৯৩৩৩ / ০১১-৬৯৩২৯৯৯৯ নম্বৰত ফোন কৰিব পাৰিব। ইপিনে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফে কয় যে ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতি বৰ্তমানলৈকে স্বাভাৱিক হৈ আছে। বাহিনীটোৱে জনোৱা মতেভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতি ত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জোৱানসকল সষ্টম হৈ আছে।
Assamese | August 6, 2024 1:38 PM | AIR India
ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল এয়াৰ ইণ্ডিয়াৰ