অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জাননী নিদিয়াকৈ সমুহীয়াভাৱে অসুস্থতাৰ ছুটি লোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।
Assamese | May 8, 2024 8:19 PM | AIR India | Flight | India | Ministry of Civil Aviation
বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে