আঞ্চলিক সংবাদ

October 24, 2024 1:08 PM October 24, 2024 1:08 PM

views 3

যোৰহাটত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মুগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছ...

October 23, 2024 7:26 PM October 23, 2024 7:26 PM

views 7

তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত আজিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সৌজন্যত তথা বাৰেকুৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন নৃত্য-গীত, কুইজ, চিত্রাংকন, শ্ল'গান লিখন আদি প্রতিযোগিতা অনুষ্ঠিত হয়। আজি পৰিৱেশ হলৌ বান্দৰ সংৰক্ষণ আৰু বা...

October 23, 2024 7:16 PM October 23, 2024 7:16 PM

views 12

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ প্রশাসনৰ পদক্ষেপ

অহা ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ বাবে হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো প্রশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা প্ৰক্ৰিয়া পৰিচালন...

October 23, 2024 7:12 PM October 23, 2024 7:12 PM

views 2

বিদ্যুতৰ উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ ৩০০ কোটি টকা বিনিয়োগেৰে ২৬টা উপ-কেন্দ্ৰ স্থাপন

ৰাজ্য চৰকাৰে ৰাজ্যখনত বিদ্যুতৰ উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ চলিত বছৰৰ এই পর্যন্ত ৩০০ কোটি টকা বিনিয়োগ কৰি ২৬টা উপ-কেন্দ্ৰ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই উপ-কেন্দ্ৰসমূহে বৰ্তমান আৰু ভৱিষ্যতৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান...

October 23, 2024 6:50 PM October 23, 2024 6:50 PM

views 9

নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন মন্ত্রী কেশৱ মহন্তৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে নতুনকৈ বালিচৰ পৰাৰ বাবে নিয়মীয়া ফেৰী সেৱা বন্ধ হৈ পৰাত কমলাবাৰী নিমাতীঘাট সংযোগী জলপথৰ শেহতীয়া অৱস্থাৰ বুজ ল'বলৈ পৰিবহণ মন্ত্রী কেশৱ মহন্তই আজি নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী শ্ৰী মহন্তই কমলাবাৰী ঘাটৰ পৰা ফেৰী চল...

October 23, 2024 6:34 PM October 23, 2024 6:34 PM

views 4

ব্ৰিকছ ৰাষ্ট্ৰৰ ষোড়শ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠনক পুঁজি প্ৰদানৰ বিৰুদ্ধে একগোট হৈ পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰি তোলাৰ বাবে আহ্বান জনাইছে। আজি কাজানত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ষোড়শ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত দিয়া ভাষণত শ্ৰী মোদীয়ে এই বিষয়ে প্ৰকাশ ক...

October 23, 2024 6:29 PM October 23, 2024 6:29 PM

views 4

জি এম চি এইচত ডেংগিত কোনো ৰোগীৰ মৃত্যু হোৱা নাই : অধীক্ষক ডাঃ অভিজিৎ শর্মা

শেহতীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ডেংগিত কোনো ৰোগীৰ মৃত্যু হোৱা নাই বুলি কৰ্তৃপক্ষই সদৰি কৰিছে। এই সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে বিগত বৰ্ষৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ডেংগিত আক্রান্ত ১৭০ জন লোকক ভৰ্তি কৰোৱা হৈছিল। এই বছৰ ৮৩ জন ডেংগি ...

October 23, 2024 6:10 PM October 23, 2024 6:10 PM

views 17

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্রক্ষেপিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত আজি মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্ৰী পীযূষ হাজৰিকা, ৰাজ্যিক বিজ...

October 23, 2024 12:21 PM October 23, 2024 12:21 PM

views 15

কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা

সশস্ত্র সীমা বল গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ কাৰ্যালয়ে কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত কৰিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কুমাৰকুচিত থকা লক্ষ্মীবাঈ নেচনেল ইনষ্টিউট অৱ ফিজিকেল এডুকেশ্বনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৭ অক্টোবৰত প্রতিযোগিতাৰ সামৰণি পৰিব।

October 23, 2024 12:19 PM October 23, 2024 12:19 PM

views 4

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ কামাখ্যা মন্দিৰ দৰ্শন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশিস গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ আশিস লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত নিৰ্বাচন...