আঞ্চলিক সংবাদ

December 7, 2024 8:18 PM

views 19

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত হৈছে। আজি বৰপেটা বিধানসভা সমষ্টিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ক্ৰীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্র দাসে এই প্রতিযোগিতা উদ্বোধন কৰে। উদ্বোধনী অনু...

December 7, 2024 8:13 PM

views 16

ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব'ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত বি চি চি আইৰ সচিব জয় শ্বাহ আছিল। কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰি...

December 7, 2024 8:11 PM

views 18

আজি নিশা ৮বাজি ২মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮বাজি ২মিনিটত বনভোজৰ বতৰ - হাঁহি-ধেমালি, পৰিবেশ আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙ্গীয়া ...

December 7, 2024 8:05 PM

views 15

যশস্বী সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ৯৩ সংখ্যক জন্মবার্ষিকী

যশস্বী সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ৯৩ সংখ্যক জন্মবার্ষিকী। এই উপলক্ষে বিশিষ্ট কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদান প্ৰতিজন অসমীয়াই চিৰদিন মনত ৰাখিব বুলি সামাজিক মাধ্যমযোগে অৱগত কৰে। উল্লেখযোগ্য যে প্রথিতযশা সাহিত্...

December 7, 2024 8:02 PM

views 27

পলিঅ’ ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্র...

December 7, 2024 7:57 PM

views 24

সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম-মেঘালয় সীমান্তৱৰ্তী দন্দুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বিস্তীর্ণ এলেকাত কৰা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভি...

December 7, 2024 7:42 PM

views 23

জাগীৰোডত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছতেই জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ...

December 7, 2024 7:31 PM

views 28

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীকেইগৰাকীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। এই সম্প্ৰসাৰণৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায...

December 7, 2024 1:04 PM

views 16

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, চাৰিগৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণ

আজি চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই আজি শপতগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক...

December 7, 2024 12:46 PM

views 11

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা ৩৫খন জিলাৰ ৪৪,০৯৪খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ২০২৫ অনুষ্ঠিত হ'ব। এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ ৩৫খন জিলাৰ ৪৪ হাজাৰ ৯৪ খন বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ মুঠ ৩৯ লাখ ৬৫ হাজাৰৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ত ১১ খন জিলা ক্ৰমে বৰপেটা, বজালী, শ্রীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।