আঞ্চলিক সংবাদ

November 16, 2024 7:22 PM November 16, 2024 7:22 PM

views 16

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন ...

November 16, 2024 7:05 PM November 16, 2024 7:05 PM

views 5

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন কৰা হয়। ডেৰগাঁও সাহিত্য সভাৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি দুগৰাকীয়ে মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিভিন্ন ক্ষেত্ৰৰ ১০১গৰাকী ব্যক্তিয়ে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।

November 16, 2024 7:02 PM November 16, 2024 7:02 PM

views 17

গোলাঘাট জিলা পুথিভঁৰালত বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ

গোলাঘাট জিলা পুথি ভঁৰালত আজি বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত তথা নুমলীগড় শোধনাগাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী অজন্তা নেওগে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ গোলাঘাট সমষ্টিৰ হিতাধি...

November 16, 2024 6:54 PM November 16, 2024 6:54 PM

views 5

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ সচিবালয়ৰ প্ৰধান সচিবৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকত প্রধান সচিব থাই টিচ’ ডাওলাগাপু উপস্থিত থকাৰ লগতে পৰিষদৰ আন আন সচিব ত...

November 16, 2024 6:48 PM November 16, 2024 6:48 PM

views 26

গোলাঘাটৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ

যুৱক-যুৱতীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান মৰ্মে গোলাঘাট জিলাৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত আজি ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকনে কাতি আৰু আঘোণ মাহৰ দোমাহীৰ দিনা এই ধান দোৱা কাৰ্যসূচী মুকলি ...

November 16, 2024 7:17 PM November 16, 2024 7:17 PM

views 9

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। এই উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্...

November 16, 2024 6:24 PM November 16, 2024 6:24 PM

views 26

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন

নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে সভাৰ পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক সমাবেশৰ শুভাৰম্ভণি কৰে। উ...

November 16, 2024 11:17 AM November 16, 2024 11:17 AM

views 4

হাইড্ৰ’ কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰতীয় পেটেণ্ট লাভ

হাইড্ৰ' কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° হেমেন শৰ্মাৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে ভাৰতীয় পেটেণ্ট লাভ কৰিছে। বিজ্ঞানী তথা গৱেষকৰ দলটোৱে তেওঁলোকে উদ্ভাৱন কৰা মাইক্ৰ' বায়' ৰিমিডিয়েচন প্রযুক্তিয়ে পেট্‌’...

November 16, 2024 11:15 AM November 16, 2024 11:15 AM

views 23

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন ঠাইত বিস্তৃত কাৰ্যাসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াত জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা আৰু জার্নেলিষ্ট ইউনিয়ন অব্ আছামৰ তিনিচুকীয়া জিলা সমি...

November 16, 2024 11:12 AM November 16, 2024 11:12 AM

views 11

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। উজনিৰ পৰা নামনিলৈ মৃণ্ময় মূৰ্তিৰ লগতে জীৱন্ত মানৱ ৰাসৰ ভক্তিৰস আৰু আধ্যাত্মিকতাই জনসাধাৰণক আপ্লুত কৰিছে। প্ৰতি বছৰে শৰতৰ পূৰ্ণিমাৰ নিশাৰ পৰা বৃন্দাবন, মথুৰাকে ধৰি আন বিভিন্ন স্থানৰ লগতে অসমতো শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদয...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।