আঞ্চলিক সংবাদ

December 23, 2024 12:37 PM

views 22

ৰাজ্য চৰকাৰৰ সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতাৰ আয়োজন

ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা পহিলা জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্রতিযোগিতাত আ...

December 23, 2024 12:34 PM

views 13

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়লৈ ১২০ কোটি টকা মুকলি

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ ১২,০৮৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্রই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বা...

December 23, 2024 12:31 PM

views 24

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি

অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে ৩৪৫ টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয়, যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গ...

December 23, 2024 12:27 PM

views 23

আকাশবাণীৰ পাব্লিক স্পীকত আজি ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত চৰকাৰৰ অটল উদ্ভাৱন অভিযান : ভাৰতৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশতন্ত্র শক্তিশালী কৰা সন্দৰ্ভত নীটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ সঞ্চালক ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসক...

December 22, 2024 8:56 PM

views 12

মৰিগাঁৱত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমীয়া গদ্য সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি আজি শ্ৰী দেৱদামোদৰ সংঘৰ উদ্যোগত মৰিগাঁৱত গদ্য সাহিত্য দিৱস হিচাপে পালন কৰা হয়। সংঘৰ মৰিগাঁও জিলাৰ সংঘাধিকাৰ পোৱাল চন্দ্ৰ গোস্বামীয়ে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাছত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ...

December 22, 2024 8:52 PM

views 23

কলিয়াবৰ চাহ বাগিছাৰ সীমাত বাঘৰ আক্ৰমণত নিহত এজন লোকৰ  চিন্ন মুণ্ড উদ্ধাৰ

নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত ঢেকিয়াপতিয়াৰ আক্ৰমণত নিহত এজন লোকৰ আজি চিন্ন মুণ্ড উদ্ধাৰ কৰা হয়। মৃত লোকজন কলিয়াবৰ বাগিছাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছত শিলঘাট তহলদাৰী আৰক্ষী চকীৰ সন্মুখত অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কাৰ্য...

December 22, 2024 8:50 PM

views 14

শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যহস্তীৰ সন্ত্ৰাস

শীতকালত খাদ্যৰ অভাৱত পৰি শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত সোমাই পৰা বন্যহস্তীৰ দলে জনসাধাৰণৰ মাজক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শালিধানৰ খেতিপথাৰ নষ্ট কৰাৰ লগতে জিলাখনৰ মিছামাৰী অঞ্চলত দলৰ পৰা ফালৰি কাটি অহা এটা দঁতাল হাতীৰ ভয়ত ৰাইজে উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে। একেদৰে গোলা...

December 22, 2024 8:48 PM

views 12

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী অনুৰাধা কৈৰালাক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান

সমাজকর্মী তথা মাইতি নেপালৰ প্ৰতিষ্ঠাপক, ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত অনুৰাধা কৈৰালাক আজি উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ প্ৰদান কৰা হয়। কোকৰাঝাৰ জিলাৰ চান্দমাৰীত অৱস্থিত বডোফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপেন্দ্রনাথ ব্রহ্ম ন্যাস আৰু সদৌ বড়ো ছাত্ৰ স...

December 22, 2024 8:41 PM

views 22

বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক আজি শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত অগ্ৰণী প্ৰকাশন প্রতিষ্ঠান বাক্যই আগবঢ়োৱা এই বঁটা লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শ‍ইকীয়াই ঔপন্যাসিকগৰাকীক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠান...

December 22, 2024 8:38 PM

views 52

নিৰক্ষৰতা নিৰ্মূল কৰিলেহে সমাজৰ সামগ্রিক কল্যাণ সম্ভৱপৰ হ’বঃ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰ

নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত উল্লাস আঁচনিৰ বুনিয়াদী সাক্ষৰতা আৰু গাণনিক অৰ্হতা প্রাপ্তিৰ মূল্যায়ন আজি মৰিগাঁও জিলাত সম্পন্ন হয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰে জিলাখনৰ কাৰাগাৰ শিক্ষা কেন্দ্ৰ, পশ্চিম কোমোৰাগুৰি আৰু জালুগুটিৰ লোচোনাবাৰী পৰীক্ষা কেন্দ্ৰত মূল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।