আঞ্চলিক সংবাদ

December 21, 2024 7:09 PM

views 22

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্ৰদান কৰা হৈছে। বৰপেটা জিলাত এই উপলক্ষে অনুষ্ঠিত বিশেষ কার্যসূচীত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ...

December 21, 2024 12:48 PM

views 23

গুৱাহাটী পৌৰ নিগমৰ তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত

গুৱাহাটীক এখন স্বচ্ছ আৰু সেউজ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে প্ৰথমবাৰৰ বাবে তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত ৰাখিছে। স্বচ্ছ ঘৰ, স্বচ্ছ পদূলি, স্বচ্ছ গুৱাহাটীৰ সংকল্প লৈ আৰম্ভ কৰা এই অভিযান কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমে ৬টা সংমণ্ডলত ৬০০ ৰো অধিক ছাফাই কৰ্মীৰ সহযোগত অভিযান...

December 21, 2024 12:42 PM

views 13

ৰাজ্যত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীলৈ কাইলৈ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতা...

December 21, 2024 12:38 PM

views 27

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহাৰ্য্য প্ৰদান কৰা হ'ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মু...

December 21, 2024 12:34 PM

views 21

উত্তৰ পূৰ্বাঞ্চলত সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি আৰু আভ্যান্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এই কথা ঘোষণা কৰে। লোকসভাত এই প্রকল্পসমূহৰ সবিশেষ দাঙি ধ...

December 20, 2024 8:47 PM

views 36

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ লগতে অন্যান্য বিষয়াৰ ...

December 20, 2024 8:38 PM

views 22

প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীৰ আটক

গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলে ৰূপায়ণ কৰা এটা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আজি দলৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। প্ৰয়াত কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ প্রতিকৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন আৰু তেওঁৰ মৃত্যু ন্যায়িক তদন্ত বিচাৰি কংগ্ৰেছ কৰ্মীসকলে মহানগৰীৰ হাতীগাঁও চাৰিআলিত সমবেত ...

December 20, 2024 8:35 PM

views 13

গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগৰীয়া সমস্যাৰ লগতে সঠিক অনাময় নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা, উপযুক্ত নিস্কাষণ ব্যৱস্থা নিৰ্মাণ কৰা সন্দ...

December 20, 2024 8:30 PM

views 14

স্নাতক, স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক উচ্চ ন্যায়ালয়ৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগা টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক নির্দেশ দিছে। একাংশ প্রার্থীয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই নিৰ্দ...

December 20, 2024 8:26 PM

views 21

বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।