আঞ্চলিক সংবাদ

December 20, 2024 12:30 PM

views 24

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ১০,৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অসম মন্ত্ৰীৰ অনুমোদন

অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ১০ হাজাৰ ৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান ১ লাখ ৮০ হাজাৰ মেট্রিক টন ইউৰিয...

December 20, 2024 12:29 PM

views 23

বিটিচি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ আহ্বান

বি টি চি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ বড়োলেণ্ড পিপলছ পাৰ্টিৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আহ্বান জনাইছে। চিৰাং জিলাৰ নিলিবাৰীত কালি বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি শ্রীমহিলাৰীয়ে কয়, যে বি পি এফে এইবাৰ অক...

December 20, 2024 12:27 PM

views 9

অসমত ৰে’লসেৱাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কালি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে'লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদ...

December 20, 2024 12:25 PM

views 23

গুৱাহাটীৰ পল্টনবজাৰ-পাণবজাৰ সংযোগী নতুন অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ

গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰু পাণবজাৰক সংযোগ কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১৯৬৫ চনত নিৰ্মাণ কৰা পাণবজাৰ ৰোড অভাৰব্ৰীজখনৰ স্থানত এখন নতুন ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই নতুন অভাৰব্ৰীজখন পূৰ্বৰখনতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত সমীপতে থকা গুৱাহাটী ৰে’ল ষ্ট...

December 20, 2024 12:24 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 20, 2024 12:23 PM

views 12

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাত ‘পৰিৱেশ সজাগতা’ শীর্ষক আলোচনাচক্র

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশ হিচাপে কালি পৰিৱেশ সজাগতা শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমৌ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক সুৰজিত গিৰিয়ে প্রকৃতি সুৰক্ষাত সাপৰ ভূমিকা সন্দৰ্ভত ভাষণ দিয়ে। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচ...

December 20, 2024 12:19 PM

views 18

ৰাজ্যৰ শিক্ষকসকলক বিদ্যালয়ৰ পাঠদানৰ সময়ত ব্যক্তিগত কামৰ পৰা বিৰত থাকিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কার্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নির্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষ...

December 20, 2024 12:18 PM

views 51

ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰোৱাৰ লক্ষ্যৰে ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠান

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি সাংস্কৃতিক মন্ত্ৰী বিমল ব...

December 20, 2024 12:15 PM

views 17

বনভোজৰ বতৰত নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ ৰাজ্যবাসীলৈ পৰিবহণ বিভাগৰ এলানি পৰামৰ্শ

বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে জনসাধাৰণক পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে আৰু এলানি পৰামৰ্শ প্ৰকাশ কৰিছে। ভ্ৰমণৰ বাবে সুৰাপান নকৰা চালকক নিযুক্তি, বিজুতিবিহীন বাহন ব্যৱহাৰ, ছীট বেল্ট আৰু হেলমেট পৰিধান, নিৰাপদে পার্কিং পৰিকল্পনা আদি নিশ্চ...

December 20, 2024 12:14 PM

views 17

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৫ জানুৱাৰীত লিখিত পৰীক্ষা

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্রক পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডে কালি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে ২৩ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা www.slprbassam.in ৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।