আঞ্চলিক সংবাদ

January 3, 2025 8:13 PM January 3, 2025 8:13 PM

views 8

ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ দুধনৈৰ উদয়পুৰত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনিক প্রয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে পৰিষদৰ এটা সংগ্ৰহালয় আৰু ৰাভা ৰজা...

January 3, 2025 8:09 PM January 3, 2025 8:09 PM

views 16

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে দেওবাৰে লিখিত পৰীক্ষা

  অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ২০২ টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে ...

January 3, 2025 8:05 PM January 3, 2025 8:05 PM

views 14

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই বি টি আৰৰ জনসাধাৰণৰ দীৰ্ঘ দিনীয়া সপোন পূৰণ কৰিলে বুলি ক...

January 3, 2025 8:02 PM January 3, 2025 8:02 PM

views 5

তেতেলীয়াৰ ৰে’লপথৰ ওপৰত নিৰ্মাণ কৰা পথ উৰ্ণসেতু উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীৰ সমীপৰ তেতেলীয়াৰ ৰে'লপথৰ ওপৰত নিৰ্মাণ কৰা এখন পথ উৰ্ণসেতুও আজি উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মাণৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কামকাজ পৰিদৰ্শন কৰে।

January 3, 2025 8:00 PM January 3, 2025 8:00 PM

views 7

নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীত ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে'লখনৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰে'লমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰ...

January 3, 2025 12:50 PM January 3, 2025 12:50 PM

views 3

দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড়ে দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয়, যে এই উদ্দেশ্যেৰ...

January 3, 2025 12:40 PM January 3, 2025 12:40 PM

views 6

তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন

টাইপাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউবাসীৰ সহযোগত ভজো বেচিক মাজপথাৰ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। আজি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে এই অধিবেশন আৰম্ভ হৈছে। বিয়লি ২ বজাত কেন্দ্রীয় কার্যন...

January 3, 2025 12:38 PM January 3, 2025 12:38 PM

views 13

অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান

অসম সাহিত্য সভাৰ সমাগত অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এখন জাননীত উল্লেখ কৰে যে ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত অংশগ্রহণ কৰিবলগীয়া কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হৈছে।...

January 3, 2025 12:36 PM January 3, 2025 12:36 PM

views 5

জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন

তিৱাসকলৰ শৌর্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন কৰা হৈছে। তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিহাস প্রসিদ্ধ জোঙাল বলহুগড়ত দিনজোৰা কাৰ্যসূচীৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মুকলি ...

January 3, 2025 12:34 PM January 3, 2025 12:34 PM

views 4

উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা

ৰাজ্যৰ বিশিষ্ট আলোকচিত্র শিল্পী, ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চলচ্চিত্র সমালোচক তথা পৰিচালক উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ প্ৰখ্যাত আলোকচিত্র শিল্পী অমূল্য মান্নাৰ স্মৃতিত অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। অমূল্য মান্ন...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।